Breaking

বন্ধন বেংকৰ পৃষ্ঠপোষকতাত ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

0 19

বন্ধন বেংকৰ পৃষ্ঠপোষকতাত ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন৷ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ৷ গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ৷ অসম বিজ্ঞান সমিতি, ছয়গাঁও শাখাৰ উদ্যোগত আৰু বন্ধন বেংকৰ ছয়গাঁও শাখাৰ পৃষ্ঠপোষকতাত ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ৰ সহযোগত ছয়গাওঁ চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাংগনত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷

সেই উপলক্ষে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে বন্ধন বেংকৰ মঙলদৈ ক্লাষ্টাৰ হেড অনুপজ্যোতি শৰ্ম আৰু সমাজসেৱক তথা ছয়গাঁও নাগৰিক সমাজৰ উপ সভাপতি পিয়াৰ আলীয়ে৷ আনহাতে বন্ধন বেংকৰ কাৰ্যালয়ৰ সন্মুখত গছপুলি ৰোপণ কৰে বন্ধন বেংকৰ ছয়গাঁও শাখাৰ শাখা প্ৰবন্ধক অংকুৰ চৌধুৰীয়ে৷ ইয়াৰ পিছতে বিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷য’ত ছয়গাঁৱৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ শেষত উভয় প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে কিতাপৰ টোপোলাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.