‘বিশ্ব পৰিবেশ দিৱস’ত পৰিৱেশ বন্দনা-
বিশ্ব পৰিবেশ দিৱসেৰে ৰঙিয়াল মই..
মোৰ অনন্য ব্যক্তিত্বত ,মোৰেই অষ্টোত্তৰ শতনাম!
দুটাকৈ জ্ঞান-চকুৰে
বিচাৰ -বিবেচনাক কাঠগড়াত থৈ
শ্ৰেষ্ঠত্বৰ গৰিমাৰে গদ গদ মই!
উদাত্ত ভাষণ মোৰ কথাত
লজ্জিত কদাপি নহও!
নিজৰ ৰক্তৰে পিয়াহ গুছাইছো
স্ব-গৃহতে শত্ৰু শালিছো,
মই নিচিনো পাপ -পুইন
নাজানো হিত -অহিত
ক্ষমতা অপাৰ মোৰ,
লালসাও অবোধ..
চৌদিশে যৌৱনৰ দামামা বাজে
সহাঁৰি জনাও
ক্ষুধা নিৰাময়ৰ হকে
তলতকৈও তললৈ
ক্ৰমান্বয়ে নামো…
সেউজপৰ্ণাক নিৰ্মম হাতেৰে ধ্বংস কৰিছো
চৌদিশে অম্লজান বিধ্বংসী অনল!
কাৰ্বনময় মৰীচিকাৰে ধূসৰ পৃথিৱী
ডুব যায় বেলিমুখীয়া সপোনৰ ৰামধেনু!
বায়ুমণ্ডল ধূমায়িত মৰুময় ধৰণী
শস্যৰ পথাৰ ,হাবিৰ তলি উদং
লঠঙা গছ ,শুকান পাহাৰ..
কেওফালে হৰিৎকণাৰ বিধ্বংসী যজ্ঞ!
তেলিৰ মূৰত তেল ঢালো অহৰহ
নিঃস্ব জনে কিন্তু একোকে নাপায়!
ফোপোলা মগজুৰে কৃতীত্বৰ চোলা পিন্ধি
তেজক পানী কৰাৰ অনবদ্য কৌশলেৰে মই সিদ্ধহস্ত,
হাড়বোৰ ভঙা পৰিশ্ৰমবোৰ
আঁৰচকুত ৰাখো
জনৈক অভাগীক ক্ষমতাৰে মোচৰো
বীৰদৰ্পে পিন্ধো বিজয়ৰ মালা!
মোৰ হাতৰ ক’লা তেজবোৰ কোনেও নেদেখে ,
দূৰ্গন্ধ আস্থাই শানিত কৰা মোৰ আকণ্ঠ ক্ষুধাই সকলোকে দেখে..
মই হেনো পৰোপকাৰী!
মোৰ কাষৰে পাজৰে ভ্ৰমে
অনেক ভোকাতুৰ, লাঞ্ছিত, পীড়িত.,
ময়ে হেনো তৃষ্ণাতুৰৰ এটুপি পানী
মোৰ গাতেই অহৰহ গলে
লোলুপিত তেজ
মদমত্ত সেয়ে মই!
মাঘমহীয়া জুয়ে কেঁচা-পকা বিচাৰ নকৰাৰ দৰে
মোৰ হিচাপতো বৃদ্ধা, কিশোৰী সাৰি নাযায়
সৰ্বগ্ৰাসী হুতাশন মই..
জয়তু বিশ্ব পৰিবেশ দিৱস!
কবিঃৰেখা বৰকটকী