সোমবাৰে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সুস্থ জীৱনশৈলী গ্ৰহণ কৰি মেদবহুলতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে ব্যক্তিগত ফিটনেছক অগ্ৰাধিকাৰ দিয়াটোৱে ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।(World Health Day)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত পোষ্ট কৰি কয় যে, “বিশ্ব স্বাস্থ্য দিৱসত আমি এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰোঁ। আমাৰ চৰকাৰে স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দি থাকিব আৰু জনসাধাৰণৰ মংগলৰ বাবে বিভিন্ন খণ্ডত বিনিয়োগ কৰিব। সুস্বাস্থ্যই হ’ল যিকোনো সমৃদ্ধিশালী সমাজৰ ভেটি।”
“স্বাস্থ্য হৈছে চূড়ান্ত সৌভাগ্য আৰু চূড়ান্ত সম্পদ” ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে যুগ যুগ ধৰি চলি অহা কথাষাৰৰ কথা সোঁৱৰাই দি ভাৰতত ক্ৰমবৰ্ধমান মেদবহুলতাৰ সংকটক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, “আজিকালি আমাৰ জীৱনশৈলী আমাৰ স্বাস্থ্যৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ৪৪ কোটিতকৈ অধিক ভাৰতীয় মেদবহুল হ’ব। ই কিমান ডাঙৰ সংকটত পৰিণত হ’ব পাৰে সেয়া চিন্তাৰ বিষয়।”
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে স্বাস্থ্যসন্মত খাদ্যাভ্যাস গ্ৰহণ কৰাটো, যেনে কম তেল ব্যৱহাৰ কৰাটো কেৱল ব্যক্তিগত সিদ্ধান্ত নহয়, ই আমাৰ সামাজিক দায়িত্বও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমস্যা ৰোধৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আহ্বান জনাই এটা সহজ পৰামৰ্শ আগবঢ়ায় – “মই আজি আপোনালোকৰ পৰা এটা প্ৰতিশ্ৰুতি ল’ব বিচাৰো যে আমি সকলোৱে আমাৰ ৰন্ধন তেল ১০ শতাংশ হ্ৰাস কৰিব লাগে। এয়া মেদবহুলতা হ্ৰাসৰ দিশত এক ডাঙৰ পদক্ষেপ হ’ব।”
যদি আমি নিজকে ফিট কৰি ৰাখোঁ তেন্তে ই উন্নত ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। মেদবহুলতা আৰু জীৱনশৈলীৰ ৰোগৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী সদায় আগৰণুৱা হৈ আহিছে। তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ এটা খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰি সুস্থ জীৱনশৈলীৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।