World Water Day 2025: আজি বিশ্ব জল দিৱস

প্রাথমিক বিদ্যালয়ত আমাৰ পাঠ্যপুথি ‘কুঁহিপাঠ’ত পঢ়িছিলোঁ–পানীয়েই প্ৰাণীৰ প্ৰাণ।(World Water Day 2025) পানী অবিহনে আমি কোনো জীয়াই থাকিব নোৱাৰোঁ। অক্সিজেনৰ পাছতে যাৰ অবিহনে মানুহ নামৰ জাতিটো অস্তিত্বহীন সেয়াই হৈছে পানী। কিন্তু জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু জলাশয়, আদ্ৰভূমিসমূহৰ অবাধ ধ্বংসই পৃথিৱীত পানীৰ প্ৰদূষণ বৃদ্ধি ঘটোৱাৰ লগতে জলসংকটৰ পথলৈ লৈ গৈছে। এইখিনিতে ‘পানী’ নামৰ পাঠটো পঢ়াৰ বেলিকা শুনা আন এষাৰি কথাও মনলৈ আহিছে। আমি শুনিছিলোঁ যে – পৃথিৱীত যদিহে তৃতীয় বিশ্বযুদ্ধ হয় সেয়া পানীৰ বাবেই হ’ব। এই কথাষাৰৰ সাৰমৰ্ম আমি তেতিয়া বিশেষ বুজি পোৱা নাছিলো যদিও ই যে সত্য প্ৰতিপন্ন হোৱাৰ দিশত আগবাঢ়িছে সেই কথা আমি লাহে লাহে উপলব্ধি কৰিব পাৰিছো।


বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় অধিকাংশই অনাহকতে আৰু অবৈজ্ঞানিকভাৱে পানীৰ অপচয় কৰি আহিছে। যদি আমি পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে আমাৰ জীৱনশৈলী প্ৰত্যক্ষ কৰো তেতিয়া দেখা পাম যে, আমি প্ৰায়ে অলাগতিয়ালভাৱে কিবা নহয় কিবাকৈ পানী নষ্ট কৰি আহিছো। পানীহে এনেই এবাল্টি নষ্ট কৰিলোৱে যেনিবা তাতেনো কি হ’ব – এই ভাৱহে সচৰাচৰ আমাৰ মনলৈ আহে। মানুহৰ সুখ-হাঁহি, আনন্দও প্রত্যক্ষ বা পৰোক্ষভাৱে নির্মল খোৱাপানী ওপৰতে নির্ভৰ কৰে। অথচ বিশ্বত জনসংখ্যাৰ অনুপাতে বা সমান্তৰালভাৱে থাকিবলগীয়া পানীৰ পৰিমাণ লাহে লাহে কমি আহিছে। যাৰ ফলত তীব্র জলসংকটে দেখা দিয়াৰ উপক্রম হৈছে। ইয়াৰ মূল কাৰণ হ’ল জলভাণ্ডাৰত পোৱা পানীৰ সৰহখিনিয়েই হ’ল খাদ্যৰ অনুপযোগী। কোনোবাখিনি যদি প্রদূষিত, আন কোনোবাখিনি আকৌ লুণীয়া।এই ধৰাৰ মাত্র ০.০৩%হে খোৱা উপযোগী পানী।


জলসংকটৰ মূল কাৰণ হ’ল ভূজলৰ পৰিমাণ হ্রাস হোৱাটো। দ-নাদ, নিজৰা, জলাশয় তথা আদ্রভূমি আদিৰ উৎসই হ’ল ভূজল। ভূজলৰ পৰিমাণ যে হ্রাস হৈছে সেয়া আমি দমকল স্থাপনৰ বেলিকা আগতে যিমান দ-কৈ খান্দিলে পানী পোৱা গৈছিল এতিয়া তাতোকৈ বহুগুণে দ-কৰি খান্দিলেহে পানী পোৱা যায়। ভাৰতবৰ্ষতো ভূজলৰ পৰিমাণ হ্ৰাস পাইছে। ঠায়ে ঠায়ে নিৰ্মল পানীৰ অভাৱত জলসংকটে দেখা দিছে। এইখিনিতে প্ৰশ্ন হয় – আচলতে ক’লৈ গৈছে ভূজল। কেনেকৈ অদৃশ্য হৈ পৰিছে ভূজল। ইয়াৰ কাৰণ সম্পৰ্কে জলবিজ্ঞানী সকলে কৈছে যে মানুহে ক্ৰমান্বয়ে প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰি আহিছে। জয়পুৰ, দিল্লী আদি চহৰত প্ৰয়োজনাধিক পানী শস্যক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে ভূজলৰ পৰিমাণ নকমা নহয়। নাছাৰ জলবিজ্ঞানী মেট ৰ’ডেলে এই সম্পৰ্কে কৈছিল যে, ভূপৃষ্ঠ আৰু বৰষুণৰ পানী বালি, মাটি আৰু শিলাস্তৰ অতিক্ৰমি লাহে লাহে ভূগৰ্ভত জমা হয়।

বহুতো অন্ত:জল লাখ লাখ বছৰ পুৰণি। সম্পূৰ্ণ প্ৰাকৃতিকভাৱে এই পানী বছৰ বছৰ জুৰি সঞ্চিত হৈ থাকে। মানুহে যদি প্ৰয়োজনাধিক জল ব্যৱহাৰ কৰে, তেন্তে পুনৰ নিৰ্মল জল, ভূৰ্গভত সৃষ্টি হ’বলৈ হাজাৰ হাজাৰ বছৰ অপেক্ষা কৰিব লাগিব। ভাৰতবর্ষৰ বছৰি গড় বৰষুণৰ তুলনাত অসমৰ বছৰি বৰষুণৰ পৰিমাণ বেছি। ভাৰতবর্ষত বছৰি বৰষুণৰ পৰিমাণ গড়ে ১৪৪ ছে.মি হোৱাৰ বিপৰীতে অসমত ইয়াৰ পৰিমাণ ২৫০ ছে:মি: । সেয়েহে অসম তথা উত্তৰ পূৱত ভূপৃষ্ঠৰ পৰা বহু কম গভীৰতাতে পানী পোৱা গৈছিল। কিন্তু দ্রুত নগৰীকৰণ, জনসংখ্যা বিস্ফোৰণ আৰু কৃষিখণ্ডত অত্যধিক ভূ-জল ব্যৱহাৰৰ ফলত ভূজলৰ পৰি,মাণ ক্রমান্বয়ে কমি আহিছে।


বিশ্বৰ আধাতকৈ অধিক লোকে খোৱাপানীৰ বাবে ভূজলৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু অপৰিকল্পিত পানীৰ ব্যৱহাৰে সম্প্ৰতি নতুন সংকট সৃষ্টি কৰিছে। সুপৰিকল্পত কাৰ্য্যব্যৱস্থা আৰু সজাগতাৰ জৰিয়তেহে পানীৰ গোলকীয় সংকটৰ সমস্যা সমাধান কৰা সম্ভৱ৷ তাৰ বাবে প্ৰয়োজন হ’ব বিশ্বৰ প্ৰতিজন নাগৰিকৰ মনোজগতত পানী বিষয়ক সজাগতা৷ এই উদ্দেশ্য আগত ৰাখিয়েই প্ৰতিজন মানুহক পানীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰোৱাৰ লগতে সজাগ কৰাৰ উদ্দেশ্যে ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত পানীৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে এটা বিশেষ দিন উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সেই অনুসৰি ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰেঁ৷


জলসংকটৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সকাহ আৰু সুৰক্ষাৰ বাবে চৰকাৰ আৰু ভিন্নজনে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই সজাগতা জনসাধাৰণৰ মাজলৈ বিস্তৃতভাৱে নিব পৰা নাই। দ্ৰুত নগৰীকৰণ, ঔদ্যোগীকৰণ, দ্রুত জনসংখ্যা বৃদ্ধি, জলবায়ু পৰিৱর্তন আদি বহু কাৰকে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে প্ৰাকৃতিক জলাশয় তথা আদ্রভূমিসমূহৰ সুৰক্ষা আৰু ইয়াক প্ৰদূষণ মুক্ত কৰাৰ ক্ষেত্রত চৰকাৰে সজাগতা আনিবলৈ সক্ষম হৈছে বুলিব নোৱাৰি। বৰঞ্চ দিনক দিনে জলাশয়সমূহ পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধিৰ মাটি দখল কৰাৰ দৰে ঘটনাসমূহ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। জলাশয় আৰু আদ্রভূমিত এনে বেদখল ৰোধৰ বাবে চৰকাৰ কঠোৰ হ’লেহে কিছু পৰিমাণে পানীৰ বহনক্ষমতা পুনৰুদ্ধাৰ হ’ব বুলিব পাৰি।

লেখকঃ মানস প্ৰতিম দত্ত

Related Articles