World’s Largest Dam Project:ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা চীনৰ

গুৱাহাটী, ২৭ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূব ধ্বংসৰ ষড়যন্‌ৰ ৰচনা কৰিছে চীনে। ব্ৰহ্মপুত্ৰ নদীত(Brahmaputra River) বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ(World’s Largest Dam Project) নিৰ্মাণৰ পৰিকল্পনা কৰিছে বেইজিঙে। এই প্ৰকল্পৰ বাবে ক্লিয়াৰেন্স লাভ কৰা হৈছে।

যিয়ে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে।খবৰ অনুসৰি এইবাৰ চীনে ভাৰতৰ বিৰুদ্ধে প্ৰকৃতিক ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণকৰি অসম তথা উত্তৰ-পূবলৈ বিপদ মাতিব বিচাৰিছে বেইজিঙে।(Tibet Amid Regional Concerns) জানিব পৰা মতে এই প্ৰকল্পৰ বাবে সকলো ধৰণৰ অনুমোদনো লাভ কৰা হৈছে।

সেয়ে এনে খবৰে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে। এই নদীবান্ধ নিৰ্মাণ হ’লে কমিউনিষ্ট দেশখনে তেওঁলোকৰ ইচ্ছামতে ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। যদি তেনে হয় তেন্তে কেতিয়াবা বানপানী আৰু কেতিয়াবা খৰাং পৰিস্থিতিয়ে অসমৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্ৰভাৱ পেলাব।

শেহতীয়া খবৰ অনুসৰি চীনৰ দখলত থকা তিব্বত অঞ্চলৰ উৎসৰ পৰা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে য়াৰলাং জাংবো নদীয়ে । অৰুণাচল পোৱাৰ লগে লগে ইয়াৰ নাম ছিয়াং ৰখা হৈছে আৰু অসমত প্ৰৱেশ কৰাৰ পিছত এই নদীখন ব্ৰহ্মপুত্ৰ বুলি পৰিচিত হৈ পৰিছে। নদ খনে পুনৰ সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰিছে।

খবৰ অনুসৰি বেইজিঙে অৰুণাচল সীমান্তৰ সমীপৰ তিব্বতৰ মেডগ কাউন্টিত ইয়াৰলাং জাংবো নদীত মথাউৰি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই প্ৰকল্পৰ বাবে ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

চীনে দাবী কৰিছে যে ই বিশ্বৰ আটাইতকৈ ডাঙৰ বান্ধ হ’ব। যিয়ে ইতিহাস ৰচনা কৰিব। হংকঙৰ ‘চাউথ চাইনা মৰ্নিং পোষ্ট’ কাকতৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ আন কোনো প্ৰকল্পতেই ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হোৱা নাই। এই নদী বান্ধটো নিৰ্মাণৰ বাবে চীনৰ পৰিকল্পনা বহুদিনৰ পৰা চলি আছে ।

এই সন্দৰ্ভত ভাৰতে বেইজিঙৰ বিৰোধিতা কৰি আহিছে। বাংলাদেশেও এই বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰিছে। কিন্তু চীনে বাৰে বাৰে কৈ আহিছে যে ই আন দেশৰ বাবে সমস্যা নহ’ব। উল্লেখ্য চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰত কেইবাটাও সৰু-ডাঙৰ নদীবান্ধ নিৰ্মাণ কৰিছে। ইয়াৰ পূৰ্বে চীনে কৈছিল যে দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন নদীবান্ধ নিৰ্মাণ কৰা হৈছে।

এনে বান্ধ নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে বিদ্যুৎ উৎপাদন, পৰিৱেশ সুৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা, জীৱন ধাৰণৰ মান উন্নত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা বুলিও চীনে কৈ আহিছে।

উল্লেখ্য দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ নদীসমূহৰ উৎসচীন আৰু তিব্বতী অঞ্চলত আছে । চীনৰ পৰা উৎপত্তি হোৱা ৪৮% নদী ভাৰতৰ মাজেৰে বৈ গৈছে ।

এই নতুন জলবিদ্যুৎ প্ৰকল্পৰ বাবে স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ পানী কমি যাব। আকৌ বাৰিষাৰ সময়ত যদি বান্ধটোৱে পানী এৰি দিয়ে তেন্তে অসমৰ লগতে বাংলাদেশৰ বহু অঞ্চল পানীৰ তলত থাকিব লাগিব।

Related Articles