WPL 2025 Final: মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ, এই দলৰ সদস্য আছিল অসম কন্যা জিণ্টিমণি কলিতা

পুনৰ মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ। দিল্লী কেপিটেলছক ৮ ৰানত পৰাজিত কৰাৰ পাছতে আনন্দ-উল্লাহ মুম্বাই ইণ্ডিয়ানছৰ। এই দলৰে সদস্য আছিল অসমৰ জিণ্টিমণি কলিতা।(WPL 2025 Final)

তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো মহিলাৰ আই পি এলত জয়ী হ’ব নোৱাৰিলে দিল্লী কেপিটেলছ। মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হয় সৌৰভ গাংগুলীৰ দল। ঝুলন গোস্বামীৰ মুম্বাই দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয়।

একেৰাহে তিনিবছৰ ধৰি দলটোক ফাইনেললৈ লৈ গৈছে। প্ৰথম দুবাৰ হেৰুৱালে ট্ৰফী। তৃতীয়বাৰৰ বাবে ট্ৰফীৰ আশা আছিল। দিল্লী কেপিটেলছৰ যুঁজ আছিল ঝুলন গোস্বামীৰ বিৰুদ্ধে।হ’ল।

মহিলা আই পি এলৰ তিনিওটা ছিজনৰ ফাইনেলত পোনপটীয়াকৈ খেলিছে দিল্লীয়ে। কিন্তু তেওঁলোকে ট্ৰফী লাভ কৰিব নোৱাৰিলে। এইবাৰো মুম্বাইৰ অভিজ্ঞতাই ফাইনেলত দিল্লীক পৰাস্ত কৰে।

Related Articles