Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান

গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।

মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী বীৰ ছহিদ মোজাম্মিল হকৰ আত্মবলিদানৰ দিন ৬ অক্টোবৰক কেন্দ্ৰ কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ৫-৬ অক্টোবৰত উদযাপন কৰা সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱসত বাৰ্ধক্যজনিত কাৰণত উপস্হিত থাকিব নোৱাৰা বাবেই উদ্যোক্তাসকলে আজি বৰ্ষীয়ান সাহিত্যিকগৰাকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ এই বঁটা প্ৰদান কৰে।

উল্লেখ্য, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদ গৰাকীৰ আত্মবলিদানৰ দিনটো ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে আৰু ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।

পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে। শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা, ২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ সম্পাদক সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা আৰু জিলা সভাপতি বাবুল মকছেদ আহমেদে পৌৰোহিত্য কৰা বঁটা প্ৰদান কৰা অনুষ্ঠানত ছহিদ মোজাম্মিক হক মাতৃভাষা বঁটা আৰু এই বঁটা প্ৰাপক কথা শিল্পী ইমৰান শ্বাহৰ বিষয়ে মুখ্য ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মুখ্য উপদেষ্টা তথা ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি ডঃ চহিৰ ভূঞাই ইমৰান শ্বাহৰ দৰে প্ৰচাৰ বিমুখ, সহজ সৰল, নিৰহংকাৰী আৰু নম্ৰতা, ভদ্ৰতাৰ মূৰ্ত প্ৰতীক হিচাপে জনমাসত পৰিচিত মহীৰূহ গৰাকীক বঁটা প্ৰদান কৰিবলৈ পাই উদ্যোক্তাসকল ধন্য হোৱাৰ লগতে জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে বৰঙণি যোগাব বুলি আশা কৰে।এই বঁটাৰ লগত এখন জাতীয় গামোচা, জনগোষ্ঠীয় কৱচ, অংগ বস্ত্ৰ, চেলেং, প্ৰশস্তি পত্ৰ, বঁটা স্মাৰক, ফুলাম জাপি, স্মৃতি গ্ৰন্থ ‘আই তোক কৰিহে পূজিমে’ আৰু মাননী সূচক নগদ ধন।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট কবি প্ৰেম’ গগৈ, প্ৰাক্তন সভাপতি যুগ গগৈ, সম্পাদক সন্তোষ দত্ত, অৱসৰপ্ৰাপ্ত অধ্যাপিকা মনিকা শইকীয়া, সাহিত্যিক দিপালী ভট্টাচাৰ্য্য উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে গোলাঘাটস্থিত বীৰঙ্গণা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বৰেণ্য সাহিত্যিক ইমৰান শ্বাহে কয়, ছহিদ মোজাম্মিল হক অসমীয়া ভাষা-সাহিত্য -সংস্কৃতিৰ ইতিহাস ঐতিহ্যৰ প্ৰতীক স্বৰূপ। তেওঁৰ নামেৰ সৈতে মোৰ নামটো জৰিত হোৱাটো এটা ডাঙৰ কথা।

এনে সন্মানজনক বঁটা লাভ কৰি মই সুখ অনুভৱ কৰিছোঁ আৰু এই বঁটা প্ৰদান কৰাৰ বাবে উদ্যোক্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

এই মহান বঁটাৰ ধাৰাবাহিকতা অব্যাহত থাকিব বুলি মই আশ প্ৰকাশ কৰিছোঁ। বিশিষ্ট কবি ওমৰ ফাৰুক, দিপালী ভট্টাচাৰ্য্য আৰু মফিদা উল্লাহে কবিতা পাঠ কৰা অনুষ্ঠানত গৰিয়া উন্নয়ন পৰিষদৰ সদস্য ৰছিদ আহমেদ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইন, তিনিচুকীয়া জিলা সভাপতি চাহান শ্বাহ, চৰাইদেউ জিলা সমিতিৰ সভাপতি আমিৰুল হাজৰিকা, দৰং-জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উপ-সভাপতি ছফিকুল ইছলাম, সম্পাদক মহিবুল হক,সদৰ সমিতিৰ সভাপতি তমজিদ আলি, কাৰ্যকৰী সভাপতি কমৰুল হামিদ ভূঞা, সহকাৰী সম্পাদকদ্বয় চিদ্দিক আলি, তবিবুল্লা হক আৰু চমুৱাপাৰা আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক ৰাজ আহমেদ , শিৱসাগৰ অৰুনোদয় সাহিত্য সভাৰ সভাপতি মণিৰুল ইছলাম বৰা, সম্পাদক খাইৰুদ্দিন আহমেদ প্ৰমুখ্যে দুই শতাধিক বিশিষ্ট লোক।

Related Articles