Breaking

বংগ চৰকাৰ, চিবিআইলৈ লিখিলে পত্ৰ, কলকাতাৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ হৰভজনৰ

0 26

বংগ চৰকাৰ, চিবিআইলৈ লিখিলে পত্ৰ, কলকাতাৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ হৰভজনৰ

কলকাতাৰ আৰ জি কাৰ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ধৰ্ষণ তথা হত্যাকাণ্ডৰ ঘটনাৰ নৃশংসতা এতিয়াও পাহৰিব পৰা দেশে।

এনে জঘন্য অপৰাধ কাণ্ডই স্তম্ভিত কৰি তুলিছে দেশৰ প্ৰতিজন নাগৰিকক। এই অমানৱীয় কাণ্ডত জড়িত দোষীৰ শাস্তিৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন নাগৰিকসকল। ইফালে দোষীৰ শাস্তিৰ লগতে চিকিৎসা কৰ্মীৰ সুৰক্ষা আইন প্ৰণয়নৰ দাবীৰে সমগ্ৰ দেশৰ চিকিৎসকসকলো ৰাজপথলৈ ওলাই আহিছ।

দেশজুৰি এই ঘটনাৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভৰ মাজতে বলীউড তথা ক্ৰীড়া জগতৰ চেলিব্ৰিটিসকলেও এই ঘটনাক নিন্দা জনাই ভুক্তভোগী চিকিৎসক যুৱতীগৰাকীৰ ন্যায়ৰ দাবী তুলিছে।

শেহতীয়াকৈ বহু ক্ৰিকেটাৰে সামাজিক মাধ্যম যোগে দোষীৰ শাস্তি দাবী কৰি নিহত চিকিৎসকগৰাকীৰ ন্যায়ৰ বাবে মাত মাতিছে।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পশ্চিম বংগ চৰকাৰ আৰু চিবিআইলৈ এক পত্ৰ যোগে এই ঘটনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হৰভজন সিঙে বংগৰ মমতা বেনাৰ্জী চৰকাৰ আৰু চিবিআইলৈ প্ৰেৰণ কৰা এখন পত্ৰত ধৰ্ষণক এক সামাজিক সমস্যা হিচাপে অভিহিত কৰিছে।

Leave A Reply

Your email address will not be published.