Breaking

কাজিৰঙাত ডব্লিউ ডব্লিউ এফে নিৰ্মাণ কৰিছে বাঘ প্ৰতিৰোধী গোহালি

0 2,065

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ কাষৰীয়া অঞ্চলত সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়, হাতী, মহ আদি বন্যপ্ৰাণীয়ে কৃষকৰ খেতি নষ্ট কৰাটো গতানুগতিক কথালৈ পৰিণত হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ ঢেঁকীয়াপতীয়া বাঘে ৰাইজৰ গৰু, ম’হ, ছাগলী, গাহৰি আদি পোহনীয়া জন্তু নিধন কৰি আহিছে। মূৰৰ ঘাম মাটিত পেলাই হাঁড় ভঙা পৰিশ্ৰম কৰি কৃষকে বহু আশাৰে কৰা খেতি বন্যপ্ৰাণীয়ে বছৰ বছৰ ধৰি অনিষ্ট কৰি আহিছে যদিও উদ্যান কতৃপক্ষৰ পৰা কোনোদিনেই উচিত ক্ষতিপূৰণ পোৱা নাই। বন বিভাগৰ নীতি-নির্দেশনা মতে বন্যপ্রাণীয়ে খেতি পথাৰ অনিষ্ট কৰিলে কৃষকক ক্ষতিপূৰণ দিয়াৰ নিয়ম আছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কৃষকে কোনোদিনেই উপযুক্ত ক্ষতিপূৰণ পোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা লোকে সীমান্ত প্ৰহৰী হিচাপে স্বার্থহীনভাবে দিনে-নিশাই চোৰাং চিকাৰী ৰোধ কৰাৰ পৰা আৰম্ভ কৰি বন আৰু বন্যপ্রাণী সংৰক্ষণত বন বিভাগক সহযোগত আগবঢ়াই আছে। বন্যপ্ৰাণীৰ আক্ৰমণত মাজে মধ্যে কাষৰীয়া ৰাইজ আহত বা নিহতো হ’ব লগা হৈছে। তেনে কৰি থকাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা ৰাইজে কোনো বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে বাঘে পোহনীয়া জন্তু নিধন কৰিলে সামান্য ধন পায় যদিও উচিত মূল্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে। পলমকৈ হ’লেও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এখন গাঁৱত বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি সফল হোৱাৰ কথা জানিব পৰা গৈছে। ডব্লিউ ডব্লিউ এফৰ বিষয়া ত্ৰিদীপ শৰ্মাই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ কাষৰীয়া বৰজুৰি বস্তি গাঁৱত প্ৰায় চাৰি বছৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰি গোহালি খালী কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্ত গাঁৱত ডব্লিউ ডব্লিউ এফৰ নিজা পৰিকল্পনাৰে ২০১৮ বৰ্ষত পৰীক্ষামূলকভাৱে মজিয়া পকী কৰি ওপৰত টিন দি চাৰিওফালে বাঁহৰ বেৰ দি আৰু গোহালিৰ চাৰিওকাষে লোৰ তাৰৰ বেৰ দি ১৩টা এক কথাত ক’বলৈ গ’লে বাঘ প্ৰতিৰোধী গোহালি কৃষকক নিৰ্মাণ কৰি দিছিল।

ইয়াৰ উপৰি গোহালিৰ পৰা গৰুৰ মৃত আৰু গোবৰ সংৰক্ষণ কৰি ৰাখিব পৰাৰ ব্যৱস্থাও কৰা হৈছিল। যাতে কৃষকে সংৰক্ষণ কৰি ৰখা গৰুৰ মৃত আৰু গোবৰ ব্যৱহাৰ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰিব পাৰে। উল্লেখযোগ্য যে স্থানীয় কৃষকে জানিবলৈ দিয়া মতে এই বাঘ প্ৰতিৰোধী গোহালি নির্মাণ কৰি ডব্লিউ ডব্লিউ এফ সফল হৈছে। কাৰণ এইধৰণৰ গোহালি নিৰ্মাণ কৰাৰ পিছৰ পৰা গাঁওখনত বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰিব পৰা নাই বুলিও কৃষকে এই প্রতিবেদকক জানিবলৈ দিয়ে। অন্যহাতে, উক্ত গাঁৱত কৃষকে পূর্বে কৃত্রিম সাৰ আৰু ঔষধ প্রয়োগ কৰি খেতি কৰিছিল যদিও এতিয়া সমবায় ভিত্তিত উক্ত বাঘ প্ৰতিৰোধী গোহালিৰ পৰা সংৰক্ষণ কৰি থোৱা গৰুৰ মৃত আৰু গোবৰ প্ৰয়োগ কৰি জৈৱিক পদ্ধতিৰে ধান, বিভিন্ন জাতৰ পাচলি আদি খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই ক্ষেত্ৰত পানী মেচিন, টর্চ লাইট, টঙীঘৰ আদিৰ যোগান ধৰি ডব্লিউ ডব্লিউ এফৰ লগতে কৰবেট ফাউণ্ডেশ্যনেও সহযোগ আগবঢ়াইছে বুলি কৃষকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত বৰ্ষত জৈৱিক পদ্ধতিৰে বড়ো ধান আৰু বিভিন্ন পাচলি খেতি কৰি কৃষকে লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হৈছে। অন্যহাতে, ডব্লিউ ডব্লিউ এফৰ বিষয়া ত্রিদীপ শৰ্মাই আৰু জানিবলৈ দিয়া মতে, উক্ত গাঁৱৰ ৰাইজৰ খেতি পথাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকাৰ বাবে খেতি পথাৰ সুৰক্ষা দিবলৈ বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছিল যদিও বন্যপ্ৰাণীৰ কথা চিন্তা কৰি এই পৰিকল্পনাৰ পৰিৱৰ্তে বেৰ দিয়াৰ উপৰি স্থানীয় উন্নত জাতৰ পাচলিৰ বীজৰ যোগান ধৰি কৃষকক বিশেষকৈ জৈৱিক পদ্ধতিৰে খেতি কৰাত সহযোগ আগবঢ়াব। ইয়াৰ উপৰি কাষতে থকা ডিফু নদীৰ পৰা পানী যোগান আঁচনিৰে কৃষি পথাৰ জীপাল কৰি এক আদৰ্শ গাঁৱলৈ পৰিণত কৰাৰ পৰিকল্পনা প্রস্তুত কৰি আছে বুলি ডব্লিউ ডব্লিউ এফৰ বিষয়াই মত প্রকাশ কৰে।

Leave A Reply

Your email address will not be published.