Breaking

YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

40

ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাই কেলেংকাৰিৰ লগত জড়িত দুই খলনায়কক গ্ৰেপ্তাৰ(YBY Trading App Scam) । ধৃত দুই খলনায়কক মাৰাথন জেৰা চিআইডিৰ ।

গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ প্ৰায় ৬০০ কোটিটকীয়া ভূৱা ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ লগত জড়িত দুই মাষ্টাৰমাইণ্ডক চি আই ডিৰ এটা অভিযানকাৰী দলে শনিবাৰে নিশা গহপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(YBY Trading App Scam) । গ্ৰেপ্তাৰ হোৱা দুই প্ৰৱঞ্চক ক্ৰমে অনিৰাম বসুমতাৰী (৩৮) আৰু মিথিংগা নাৰ্জাৰী (৪৮) বুলি জানিব পৰা গৈছে। দুয়োজনেই বিশ্বনাথ চাৰিআলি জিলাৰ বাসিন্দা।

ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাইয়ে অসমৰ একাংশ খাটি খোৱা লোকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰাৰ পিছৰে পৰা এই এপটোৰ লগত জড়িত প্ৰৱঞ্চকবোৰে ৰাজ্যৰ খাটি খোৱা লোকসকলৰ লগতে আৰক্ষীৰ পৰা বাচিবৰ বাবে আত্মগোপন কৰি আছিল।
অৱশেষত শনিবাৰে নিশাৰ ভাগত আত্মগোপন কৰি থকা অৱস্থাতে আসম আৰক্ষীৰ(Assam Police) চি আই ডিৰ এটা অভিযানকাৰী দলে তালাচী চলাই গহপুৰৰ মিলন নগৰৰ বাসিন্দা তথা প্ৰাক্তন এন ডি এফ বি নেতা অনিৰাম বসুমতাৰী আৰু বিজ্ঞান শিক্ষক মিথিংগা নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

দেওবাৰে গুৱাহাটীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ আনি ধৃত দুই প্ৰৱঞ্চকক মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে(CID headquarters in Guwahati) ।

শেহতীয়াকৈ এই ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাইৰ কোটি কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে হঠাৎ তৎপৰ হৈছে অসম আৰক্ষী । এই ভূৱা ট্ৰেডিং এপটোৰ সৈতে জড়িত আনসকল খলনায়কৰ সন্ধানতো চিআইডিৰ দলে অভিযান অব্যাহত ৰখাৰ কথা জানিব পৰা গৈছে ।

উল্লেখ্য যে, সহজে ধন ঘটাৰ প্রলোভনেৰে ৰাজ্যৰ একাংশ খাটি খোৱা লোকক প্ৰলোভিত কৰি ভূৱা ট্ৰেডিং এপটোত বিনিয়োগ কৰাইছিল কোটি কোটি টকা । প্রথম অৱস্থাত শিক্ষক সকলক টার্গেট কৰি তেওঁলোকৰ দ্বাৰা এই ভূৱা এপটোত ধন বিনিয়োগ কৰি সহজতে ধন ঘটাৰ সুযোগ প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত কি গাঁও, কি চহৰ সকলো অঞ্চলতে শিপাইছিল এই ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাই ।

Comments are closed.