বোকাখাত বিধান সভা সমষ্টিৰ মহুৰা আৰু ৰঙামাটি মৌজাৰ উত্তৰ অংশৰ বানাক্ৰান্ত নৈ পৰীয়া অঞ্চল সমুহৰ চাৰিওফালে এতিয়া শ শ বিঘা কৃষি ভূমিত ফুলি উঠিছে সৰিয়হ ফুলৰ হালধীয়া।এতিয়া কৃষি ভূমি বোৰ হৈ পৰিছে যেন একোখন হালধীয়া দলিচা।চাৰিওফালে এক দৃষ্টি নন্দন পৰিবেশে বিৰাজ কৰিছে ।লগে লগে কৃষকৰ ওঁঠত হাঁহি বিৰিঙি উঠিছে।
মহুৰা মৌজাৰ বংকোৱাল হাইস্কুলৰ সমিপৰ বাপৰবিল পথাৰৰ প্ৰায় পাঁচশ বিঘা সৰিয়হ খেতিয়ে দৃষ্টি কাঢ়িছে পথ যাত্ৰীৰ।বানাক্ৰান্ত বংকোৱাল অঞ্চলৰ বৃহত্তৰ পথাৰ খনেই হৈছে বাপৰবিল পথাৰ।এই পথাৰখনৰ মাটি প্ৰায় পাচশ বিঘা।এসময়ত সমগ্ৰ অঞ্চলতো বিল আছিল ৷ এই বিলখন কালক্ৰমত বাম হৈ কৃষিকৰ্মৰ উপযোগী হৈ উঠে ৷ লাহে লাহে ৰাইজে উক্ত বিলৰ মাটিতে সৰিয়হ খেতি কৰিবলৈ ধৰিলে।
বৃহৎ পথাৰ খনত আগতীয়া বৰো ধানৰ খেতি কৰাৰ লগতে খেতি চপোৱাৰ পাছত খৰালি সৰিয়হ খেতি কৰিবলৈ ধৰে । এই বৃহত্তৰ পথাৰখনতে আন বছৰৰ দৰে এই বছৰো বংকোৱালৰ খেতিয়ক সকলে প্ৰায় পাঁচ শ বিঘা মাটিৰে আগুৰি থকা বাপৰবিল পথাৰত সৰিয়হৰ খেতি কৰিছে । কোনো কোনো খেতিয়কে খৰাং বতৰৰ বাবে নিজৰ পাৱাৰ পাম্পৰ সহায়ত সৰিয়হত পানী যোগান ধৰিছে যদিও কিছু খেতিয়কে ডিজেলৰ অধিক মূল্যৰ বাবে পানী যোগান ধৰিব পৰা নাই।তথাপিও এই বছৰ বাপৰবিল পথাৰত পৰ্যাপ্ত পৰিমাণৰ সৰিয়হ উৎপাদন হব বুলি খেতিয়ক সকলে আশা কৰিছে ৷ ইফালে বানাক্ৰান্ত অঞ্চলৰ আটাইতকৈ ডাঙৰ পথাৰ খনত জলসিঞ্চন কোনো ব্যৱস্থা নথকাত ৰাইজ হতাশ হৈ পৰা পৰিলক্ষিত হৈছে।
অন্যহাতে বামুন চাপৰিটো কেইজনমান যুৱকে প্ৰায় ৪০ বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাৱলম্বী হোৱাৰ কচৰত চলাই আছে ।এতিয়া নিবনুৱা যুৱক সকলে সৰিয়হৰ হালধীয়াত সপোন আঁকিছে ৷ কিন্তু প্ৰায় তিনিমাহৰো অধিক সময় নৈপৰীয়া অঞ্চলতোত বিচৰণ কৰি থকা বনৰীয়া হাতীৰ জাকটোৰ বাবেহে নিশাৰ টোপনি হৰিছে কৃষক ৰাইজৰ । কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ কৃষকৰ এনে সফলতা নিসন্দেহে এক সুখৰ বতৰা ৷ অঞ্চলতোৰ কৃষক সকলে মন্ত্ৰী গৰাকীক স্ব চক্ষুৰে এবাৰ আহি এই দৃষ্টি নন্দন দৃশ্য প্ৰতক্ষ কৰাৰ লগতে অঞ্চলতোৰ বৃহত্তৰ বাপৰ বিল পথাৰ খনত বিদ্যুত সংযোগ কৰি কৃষক সকলক বিদ্যুত চালিত মটৰেৰে কৃষি পথাৰত পানী যোগান ধৰাৰ ক্ষেত্ৰত সহায় কৰি অধিক উৎপাদন কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷ লগতে মহকুমাৰ কৃষি বিষয়া গৰাকীৰ পৰাও এই বৃহত্তৰ অঞ্চলতোৰ কৃষক ৰাইজে সহযোগিতা বিচাৰিছে ৷