Breaking

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ যোগ কৰ্মশালা আৰু মাহেকীয়া বৈঠক…

0 16

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ১০ জুলাইৰ পৰা ১৩ জুলাইলৈ এখন চাৰিদিনীয়া যোগ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত শাখাৰ সদস্যা সকলৰ লগতে জালুকবাৰীৰ স্থানীয় কেইবাগৰাকী মহিলাই যোগদান কৰে। মানসী শৰ্মা আৰু অপৰ্ণা দেৱীৰ পৰিচালনাত সেই যোগ শিক্ষা অনুষ্ঠিত হয় l লগতে জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ পঞ্চমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ১৪ জুলাই গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l

শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণি সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে l স্বৰচিত লেখা পাঠ অনুষ্ঠানত ভ্ৰমণ কাহিনী পাঠ কৰে বৈজয়িন্তী ৰাভা আৰু ডঃ অপৰ্ণা গোস্বামীয়ে, প্ৰবন্ধ পাঠ কৰে ভাৰতী চমুৱা আৰু ডঃ মীনা দেৱীয়ে l অঞ্জু দত্ত শইকীয়াই স্বৰচিত গল্প পাঠ কৰে l ৰুণুমী নাথ আৰু অঞ্জনা ৰাণী ভট্টাচাৰ্যই পাঠ কৰে স্বৰচিত কবিতা l

বৈঠকত ডঃ মাকনি দাসে জ্যোতি সংগীত, ৰুণুমী নাথে ৰাভা সংগীত আৰু অনিমা নাথ আৰু বীনাপানি দেৱীয়ে লোক গীত পৰিবেশন কৰে। ৰীতা হাজৰিকাই ভাগৱত পাঠৰ মাহাত্ম্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে l উল্লেখযোগ্য যে সভাত অপৰ্ণা দেৱীয়ে যোগ সম্পৰ্কে বিস্তৃত বাখ্যা দাঙি ধৰে। অপৰ্ণা দেৱী আৰু গীতিকা দাসে কৌতুক পৰিবেশন কৰে। প্ৰজ্ঞা গোস্বামীৰ সভানেত্ৰীৰ মন্তব্যৰ পাছতে অসম সংগীতেৰে সমাপ্ত পৰা সভাৰ শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই l

Leave A Reply

Your email address will not be published.