Breaking

আলমণ্ড খাই বেয়া পোৱা সকলে খাব পাৰে দৈ! লাভ কৰিব আলমণ্ডতকৈ বেছি প্ৰ’টিন…

0 20

আমি প্ৰায়ে কোৱা শুনো যে আলমণ্ড খাওক, আলমণ্ডে প্ৰ’টিন প্ৰদান কৰে। কিন্তু আলমণ্ড খাই ভাল নোপোৱা বহু লোক আছে। গতিকে তেওঁলোকে আলমণ্ডৰ সলনি দৈ খাব পাৰে। আলমণ্ডতকৈ দৈত অধিক প্ৰটিন থাকে। ই এক ভাল প্ৰটিন আৰু প্ৰ’বায়’টিক উৎস। দৈত কেৱল প্ৰটিনেই নহয়, কেলচিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থও থাকে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

প্ৰটিনৰ উপৰিও দৈত প্ৰ’বায়’টিকো থাকে, যিবোৰ পাচনতন্ত্ৰৰ বাবে উপকাৰী। এই প্ৰ’বায়’টিকবোৰে অন্ত্ৰত ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস পায় আৰু হজম শক্তিও উন্নত হয়। হৰম’ন উৎপাদনত প্ৰ’টিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিত দৈ খালে হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে। ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও প্ৰটিন গুৰুত্বপূৰ্ণ। দৈত থকা প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদানে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলে আৰু চুলিক শক্তি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.