তেজপাতৰ কিছুমান উপকাৰিতা তলত দিয়া হ’ল —
১। হজম সম্পৰ্কীয় উপসৰ্গ নোহোৱা কৰে ।
২। উখহা বা টোপোৰা পৰা নোহোৱা কৰে ।
৩। বুকুৰ জলা পোৰা নাইকীয়া কৰে ।
৪। এচিডিতি বা অম্লতা নোহোৱা কৰে ।
৫। শৌচ খোলোচা কৰে । কৌষ্ঠ্য কাঠিণ্য নাইকীয়া কৰে ।
৬। গৰম তেজপাতে অন্ত্ৰ প্ৰণালী ( bowel movements) নিয়মীয়া কৰে ।
৭। তেজৰ শৰ্কৰা হ্ৰাস কৰে ।
৮। তেজপাত হৈছে এন্টিঅক্সিডেন্ট ।
৯। কেইমাহমান তেজপাত চোবাই খালে বা তেজপাতৰ চাহ কৰি খালে শৰীৰে ইনচুলিন উৎপাদন কৰে ।
১০। বেয়া কলেষ্টৰেল নোহোৱা কৰি শৰীৰটোক triglycerides ৰ পৰা উপশম দিয়ে ।
১১। তেজপাতত ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে পানীলগা, ঠাণ্ডা লগা, ফ্লু আৰু তীব্ৰ কাহত ই বৰ উপকাৰ সাধন কৰে । তেজপাত দি পানী উতলায় তাৰ ভাপ নাকেৰে উশাহত টানি ললে কাহৰ তীব্ৰতা নোহোৱা কৰে আৰু কফ খেকাৰ আদিৰ পৰা ৰক্ষা পাব পাৰি ।
১২। তেজপাতত কাৰ্ডিঅ’ভাচুলাৰ সুৰক্ষাৰ যৌগ থকাৰ কাৰণে ই হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক ৰ পৰাও ৰক্ষা কৰে ।
১৪। ৰ্নিদ্ৰাহীনতা আৰু উদ্বীগ্নতা নোহোৱা কৰে । বিচনাত পৰাৰ আগতে খালে বিশ্ৰাম ( Relaxation)ৰ সহায়ক হৈ শান্তিৰে টোপনি অহাত সহায় কৰে ।
১৫। দিনে অন্ততঃ দুবাৰকৈ তেজপাত দি উতলাই লোৱা পানী খালে কিডনীৰ পাথৰ গুড়ি কৰি সংক্ৰমণ নোহোৱা কৰে ।