Breaking

ৰহাৰ বিহু মঞ্চত ব্যতিক্ৰমী দৃশ্য! যুৱ উদ্যোগী গৌতম ডেকাৰ প্ৰশংসনীয় পদক্ষেপ, মেডিকেলৰ ছাত্ৰক দিলে ২ লাখ ৫ হাজাৰ টকাৰ সাহাৰ্য…

0 26

ৰহাৰ বিহু মঞ্চত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। ফুলগুৰিৰ জি এম ইলেকট্ৰনিক্স এণ্ড ফাৰ্নিচাৰৰ তৰফৰ পৰা এজন মেডিকেল কলেজৰ মেধাৱী দৰিদ্ৰ ছাত্ৰক দিলে দুই লাখ পাঁচ হাজাৰ টকাৰ সাহাৰ্য। ৰহা পুৰণা চাৰিআলিৰ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত অনুষ্ঠিত ৰহা আঞ্চলিক  বিহু সন্মিলনৰ অষ্টাদশ বাৰ্ষিক বিহুত দেখিবলৈ পোৱা গল এই  ব্যতিক্ৰমী দৃশ্য। বিহুৰ বসন্ত নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজহুৱাকৈ সম্বৰ্ধনা জনাই।

অসম মেডিকেল কলেজ, ডিব্ৰুগড়ত দ্বিতীয় বৰ্ষত অধ্যয়ণ কৰি থকা দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ ভবেশ কাহাৰক ফুলগুৰিৰ জি এম ইলেকট্ৰনিক্স এণ্ড ফাৰ্নিচাৰৰ স্বত্বাধিকাৰী গৌতম ডেকা আৰু তেওঁৰ পত্নী মনিকাঞ্চন বৰা ডেকাই পঢ়িবৰ বাবে আগবঢ়ালে এই ধন। সৰুৰে পৰা ৰহাৰ শংকৰদেৱ শিশু নিকেতনত বিনা পইচাত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ উৰ্ত্তীণ হোৱা  মেধাৱী ছাত্ৰ তথা অতি দুখীয়া পৰিয়ালৰ সন্তান, ভবেশ কাহাৰৰ পিতৃ-মাতৃয়ে ভবেশক মেডিকেলত নামভৰ্তিৰ বাবে সহায় কৰিব পৰা নাছিল। উচ্চতৰ মাধ্যমিক শাখাত বিনা পইচাত অধ্যয়নৰ সুবিধা পোৱা ছাত্ৰ ভবেশ কাহাৰ ৰহাৰ বহু কেইটা সংগঠনৰ লগতে বহু কেইজন লোকৰ সহায়ত মেডিকেলত নামভৰ্তি কৰিলে যদিও হোষ্টেলৰ থকা খোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন সৰু পাণ- তামোলৰ দোকান দিয়া পিতৃ মাতৃয়ে প্ৰয়োজন অনুসৰি  যোগান ধৰিব পৰা নাছিল টকা পইচাৰ। নিজা ঘৰ মাটি নথকা পৰিয়ালটিৰ কথা শুনি আগবাঢ়ি আহিছিল যুৱ উদ্যোগী সমাজকৰ্মী তথা ব্যৱসায়ী গৌতম ডেকা আৰু তেওঁৰ পত্নী মনিকাঞ্চন বৰা ডেকা।

ৰহা অঞ্চলিক বিহু সন্মিলনৰ কৰ্মকৰ্তা সকলৰ আহ্বান ক্ৰমে যুৱ উদ্যোগী সমাজকৰ্মী গৰাকীয়ে ৰহালৈ আহি বিহু মঞ্চতে  ডিব্ৰুগড়ৰ পৰা মাতি আনি মেডিকেলৰ মেধাৱী ছাত্ৰ ভবেশ কাহাৰক দিলে এই ধন ৰাশি। কেইবাবছৰধৰি গৌতম ডেকাই সহায় কৰি আহিছে  বহু মেধাৱী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক। গৌতম ডেকা আৰু মনিকাঞ্চন বৰা ডেকাৰ এনে কাৰ্যক বহুতেই শলাগ লৈছে।

Leave A Reply

Your email address will not be published.