টুপামাৰীত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ, শিক্ষানুষ্ঠানে-শিক্ষানুষ্ঠনে কৃতী শিক্ষাৰ্থীলৈ উপহাৰ

শেহতীয়াকৈ নগৰবেৰাৰ টুপামাৰীৰ আশ্বিক জিয়াউল হক নামৰ এজন যুৱকৰ ব্যতিক্ৰমী উদ্যমী পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা সৃষ্টিৰ লক্ষেৰে যুৱক গৰাকীয়ে গ্ৰহণ কৰে এক বিশেষ পদক্ষেপ। টুপামাৰী অঞ্চলৰ কেবাখনকৈ শিক্ষানুষ্ঠানৰ শ্ৰেণীত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা ছাত্ৰ- ছাত্ৰীক বিদ্যালয়ে বিদ্যালয়ে গৈ যুৱকজনে কিতাপ-কলম আদি উপহাৰ হিচাপে আগবঢ়ায়।

এই বছৰেই নহয়, আগলৈও প্ৰতিবছৰে এইদৰে শ্ৰেণীত প্ৰথম স্থান দখল কৰা ছাত্ৰ ছাত্ৰীক উপহাৰ দি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে আশ্বিক জিয়াউল হকে। মুঠ সাত খন বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীত শাখা ভিত্তিক  ১২০ খন কিতাপ আৰু একোটাকৈ কলম কৃতী ছাত্ৰ-ছাত্ৰীৰ মাজত উপহাৰ হিচাপে আগবঢ়ায়। আশ্বিক জিয়াউল হকে শিক্ষাৰ ক্ষেত্ৰত  ছাত্ৰ ছাত্ৰীৰ মাজত উৎসাহ যোগোৱাৰ যি পদক্ষেপ লৈছে, সেই পদক্ষেপক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Related Articles