Obscene Remarks on Women: দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা মহিলাক উদ্দেশ্যি অশালীন মন্তব্যৰে যুৱকৰ ভিডিঅ’ প্ৰস্তুত

গোৱালপাৰা, ১৫ অক্টোবৰ: দেওবাৰে সমগ্ৰ ৰাজ্যতে এক উখল-মাখল পৰিবেশৰ মাজত অশ্ৰুশক্তি নয়নেৰে দেৱী দুর্গাক বিসৰ্জন দিয়া হয় ।দেৱী দুর্গাৰ বিসৰ্জনৰ দৃশ্য চাবলৈ বিসৰ্জনস্থলীসমূহত সমবেত হয়গৈ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ । কিন্তু ইয়াৰ মাজতে দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য কৰি(Obscene Remarks on Women) ভিডিঅ’ প্ৰস্তুত কৰিছিল গোৱালপাৰাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডোবাপাৰা লুপ্তচৰৰ এজন যুৱকে ।

এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ইয়াৰ প্ৰত্যক্ষ কৰি একাংশ সচেতন লোকে যুৱকজনৰ বিৰুদ্ধে মৰনৈ আৰক্ষী থানা(Mornoi Police Station)ত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে যুৱকজনক কৰায়ত্ব কৰা নাছিল । অভিযোগ দাখিলৰ পিছতো আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত ৰাইজে সোমবাৰে সন্ধিয়া থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Viral video controversy in Goalpara) ।

প্ৰায় তিনি শতাধিক ৰাইজৰ প্ৰতিবাদত সেও মানি অৱশেষত স্থানীয় ৰাইজৰ সহযোগত মৰনৈ আৰক্ষীয়ে কাশেম আলী নামৰ যুৱকজনক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্ যে, সস্তীয়া জনপ্ৰিয়তাৰ বাবে সামাজিক মাধ্যমত এই ভিডিঅ’ প্ৰচাৰ কৰি নাৰী সমাজক হেয় প্ৰতিপন্ন কৰিবলৈ কৰা এনে কাৰ্য কৰাৰ পিচতেই জাঙুৰ খাই উঠিছিল স্থানীয় একাংশ সচেতন ৰাইজ । হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ়(Communal harmony between Hindus and Muslims) কৰিবলৈ চেষ্টা অব্যাহত থকাৰ মাজতেই শান্তি বিঘ্নিত কৰিবলৈ এই যুৱকজনে কৰা অসামাজিক কাৰ্যৰ বিৰুদ্ধে ওলাই শ শ ৰাইজ উলাই আহি যুৱকজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে্ প্ৰতিবাদ সাব্যস্ত কৰিছিল । তাৰোপৰি ঘটনাটোকলৈ যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি নহয় তাৰ বাবেও সকলোকে স্থানীয় ৰাইজেআহ্বান জনায় ।

Related Articles