Youth Award Honors:যুৱ সাহিত্যিক পাপৰি বৰ্মনলৈ ৰাষ্ট্ৰীয় বটাঁ

দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ৯ এপ্ৰিল: পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ সন্তান তথা অসমীয়া সাহিত্য জগতৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মনলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান(Youth Award Honors)।

অসমীয়া গল্পৰ চৰ্চাৰ বাবে পাপৰি বৰ্মনলৈ(writer Papri Burman) ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ ‘যুৱ পুৰস্কাৰ সন্মান'(National Award) আগবঢ়োৱা হৈছে।

আজি এই বঁটা ঘোষণাৰ পিছতেই অসমৰ সাহিত্য ক্ষেত্ৰৰ লগতে তেওঁৰ জন্মস্থান পশ্চিম নলবাৰীত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিবিশেষে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।

উল্লেখ্য যে চামতাৰ ৰূপীয়াবাথান নিবাসী পাপৰি বৰ্মনে ‘পৰুৱা পোহনীয়া’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২৪ বৰ্ষৰ মুনীন বৰুৱা বটাঁৰে সন্মানিত হৈছিল।

২০১৭চনৰ পৰা সাহিত্যৰ  ক্ষেত্ৰখনত জড়িত হৈ সূনাম কঢ়িয়াই অনাত পাপৰি বৰ্মনে চামতালৈ সুনাম কঢ়িয়াইছিল। পাপৰি বৰ্মনৰ প্ৰথম গল্প সংকলন ‘পৰুৱা পোহনীয়া’ৰ মুনীন বৰকটকী বঁটা লাভ কৰাৰ পিছত গল্প চৰ্চাৰে তেওঁ আজি ঘোষিত ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ ‘যুৱ পুৰস্কাৰ সন্মান’ লাভ কৰাটো অসমীয়া সাহিত্য জগতৰ বাবে আনন্দৰ বতৰা হিচাপে পৰিগণিত হৈছে।

নিৰৱচ্ছিন্নভাৱে সাহিত্যৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰা পাপৰি বৰ্মনে “জীৱনৰ স্বপ্ন দুৰ্নিবাৰ” শীৰ্ষক গল্পৰ  বাবে ২০২৫ চনৰ নতুন সাহিত্য পৰিষদ’ৰ দ্বাৰা আয়োজিত বিপুল খাটনিয়াৰ গল্প সাহিত্য বঁটাৰে সন্মানিত হয়।

আজি ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ ‘যুৱ পুৰস্কাৰ সন্মান’ ঘোষণাৰ পিছতেই চামতা নিবাসী পাপৰি বৰ্মনে  নিজৰ অভিমত প্ৰকাশ কৰি কয়, “গল্প এটা লিখিবৰ সময়ত মোৰ মনত বিলাসী জীৱন যাপন কৰা বা বিলাসী গাড়ী এখনত বহিল থকা মানুহ এজনৰ ছবি ভাহি নুঠে।

ইয়াৰ বিপৰীতে শাল বি থকা মানুহগৰাকী, পাণ পাৰি থকা মানুহ এজন বা কোনো সৰ্বসাধাৰণ লোকৰ জীৱনৰ ছবিহে গল্প এটা লিখিবৰ সময়ত মোৰ মনত ভাহি উঠে।”

Related Articles