Breaking

যুৱনেতা ময়ুৰ বৰগোহাঁইক নাজিৰাৰ অৰ্দ্ধশতাধিক দল সংগঠনৰ সম্বৰ্ধনা

0 2,027

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ শিৱসাগৰ জিলাৰ নৱনিযুক্ত সভাপতি ময়ুৰ বৰগোহাঁইক নাজিৰাত প্ৰায় অৰ্দ্ধশতাধিক দল সংগঠনে সম্বৰ্ধনা জনায়। স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ উদ্যোগত নাজিৰা মিলন মন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটো সভাপতিত্ব কৰে আশ্ৰয়ৰ সভাপতি গোপাল বৰুৱাই। স্বেচ্ছাসেৱী সংগঠনটোৰ হৈ মুনীন্দ্ৰ নাথ শইকীয়াই আঁত ধৰা তথা অসমী গগৈ বৰুৱাই আদৰণি ভাসন আগবঢ়োৱা অনুষ্ঠানটোত সম্ভাৱনাময় যুৱ নেতা জনক নাজিৰা মহকুমাৰ প্ৰায় পঞ্চাশৰো অধিক দল সংগঠনে সম্বৰ্ধনা জনায়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি যুৱনেতা জনে কয় যে নাজিৰাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সদায় প্ৰতিশ্ৰুতিবদ্ধ। ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকিও নাজিৰাৰ আৰ্থসামাজিক উন্নয়নৰ হেতু সদায় কাম কৰি যাব। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছতেই স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ মূখ্য আহ্বায়ক পদৰপৰা যুৱনেতা জনে উক্ত অনুষ্ঠানতে পদত্যাগ কৰে। স্বেচ্ছাসেৱী সংগঠনটোক সদায় ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকি নিকা আৰু স্বচ্চতাৰে নাজিৰা বাসীৰ হৈ কাম কৰি যাবলৈ বৰগোহাঁইয়ে পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট লেখক তথা অধ্যাপক ডঃ জীৱন কলিতা, সমাজকৰ্মী তথ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শৰ্মা,সমাজকৰ্মী ৰাজেশ দত্ত, প্ৰবীণ সাংবাদিক তথ সাংস্কৃতিক কৰ্মী অনুজ ৰাজখোৱা আদিকে কৰি আন ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.