Youth mentality : যুৱ মানসিকতাত সমাজ ব্যৱস্থাৰ প্ৰভাৱ

বর্তমান বিশ্বৰ মানৱ সমাজৰ যিটো অংশক আটাইতকৈ বেছি আৰু কঠোৰ সমালোচনা কৰা হয় সেই অংশটোৱেই হৈছে যুৱ সমাজ (Youth mentality)। যুৱ সমাজৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি সাধাৰণতে বিতর্কমূলক যদিও সমাজৰ প্রবীণ ব্যক্তি সকলে এই নবীন, উদ্যমী সমাজৰ প্রতিটো কামকে সমালোচনামূলক তথা সন্দেহৰ চকুলে লক্ষ্য কৰে বুলি কলে বঢ়াই কোৱা নহ’ব। বিশ্বৰ সভ্যতা তথা সামাজিক সংস্কাৰৰ প্রতিটো ঘটনাৰ আঁৰত আছে এই যুৱ সমাজৰ বহুমূলীয়া অৱসান। ৰক্ষণশীল নীতিৰ ধাৰক তথ্য বাহক হিচাপে সাধাৰণতে পৰিচিত হোৱা প্রবীণ ব্যক্তি সকলে মানসিক উদ্যমহীনতাত ভূগী নতুনক সন্দেহৰ চকুৰে চাবলৈ লোৱাৰ ফলস্বৰূপে প্রায়েই যিকোনো পৰিৱর্তনমূলক ঘটনাত এই যুৱক সকলৰ মাজৰ পৰাই নেতৃত্ব গ্রহণ কৰিব লগা হয়। যুৱক সমাজৰ সক্রিয় সহযোগ অবিহনে কোনো ধৰণৰ সংস্কাৰমূলক নীতি গ্রহণ আৰু প্রচলিত কৰা সন্তৱ নহয়।

বর্তমান পর্য্যন্ত বিশ্বত যিমানবোৰ পৰিৱর্তনমূলক ঘটনা ঘটিছে সেই সকলোবোৰতে এই যুৱ চামৰ একাংশ জড়িত হৈ আছে। অথচ আজি এই যুৱ চামটোৱেই বোধহয় আটাইতকৈ বিতর্কমূলক আৰু সমালোচনাৰে ক্ষাত বিক্ষত। আধুনিক সভ্যতাৰ বিকাশ সাধনৰ লগে লগে যেনে ধৰণে জ্ঞানৰ উন্মেষ তথা প্রযুক্তি বিদ্যাৰ সফলতা পৰিলক্ষিত হৈছে থিক সেইদৰে সমাজত এক বিশৃংঙ্খলমূলক (Chaotic situations ) পৰিস্থিতিৰ সৃষ্টি হৈছে । সমগ্র বিশ্বতে আজি প্রতিদিনে ঘটা হত্যা, ধর্ষণ, অপহৰণ আদিৰ বাতৰিৰ সাধাৰণ ঘটনাত পৰিণত হৈছে। এইক্ষেত্রত আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে প্ৰায়বোৰ ঘটনাতে যুৱ চামৰ একাংশ ঘনিষ্ঠভাৱে জড়িত। হাঁহি হাঁহি সাধাৰণ সংকোচবিহীনভাৱে কাৰোবাক হত্যা কৰাটো তেওঁলোকৰ বাবে সাধাৰণ কথা। বর্তমান সময়ত যুৱ চাম বুলিলে ১৫ বছৰ মানৰ পৰা ৩০ বছৰ মানলৈকে অন্তর্ভূক্ত কৰিব পৰা যায় যদিও ৰাষ্ট্রসংঘই ১৫ বছৰৰ পৰা ২৪ বছৰ বয়সৰ মাজৰ অংশটোকহে যুৱ সম্প্রদায় বুলি স্বীকৃতি দিছে। অৱশ্যে এই ক্ষেত্রত ৰাষ্ট্র সংঘৰ সিদ্ধান্তটোকে পৃথিৱীৰ সকলোবোৰ ৰাষ্ট্রই সর্বসম্মত হিচাপে গ্রহণ কৰা নাই।

পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশৰ স্থান অধিকাৰ কৰা এই যুৱক-যুৱতীৰ সংখ্যা আছিল- ১৯৮০ চনলৈকে ৮৫.৭ কোটি। ১৯৬১ চনৰ পৰা ১৯৮০ চনলৈকে এই কালছোৱাত যুৱক-যুৱতীব সংখ্যা বৃদ্ধি পাইছিল শতকৰা ৬৭ ভাগ। সেই একেটা পৰিসংখ্যাতে (১৯৮৫) ৰাষ্ট্ৰ সংঘই ১৯৯১ চনত যুৱক-যুৱতীৰ সংখ্যা ১০০ কোটিৰো অধিক হব বুলি মন্তব্য কৰিছিল যদিও ১৯৭৯ চনৰ ১৭ ডিচেম্বৰ তাৰিখে যেতিয়া ৰাষ্ট্রসংঘই গ্রহণ কৰা ৩৪/১৫১ নং প্রন্থাৰ অনুসাৰে ১৯৮৫ চনটো আন্তঃৰাষ্ট্রীয় যুৱ বর্ষ ( International Year of Youth ) হিচাপে পালন কৰা হয় যদিও এই বর্ষটো উদযাপনৰ ফলাফল শূন্য বুলিয়েই কব পাৰি। দেশৰ ১৯৮৫ চনৰ যুৱবর্ষৰ বাবে গৃহীত প্রস্তাৱ সমূহৰ পৰা কিবা সুফল পোৱা বর্তমানৰ অৱস্থাই ভাবিবলৈ নিদিয়ে। আৰু সেইবছৰটোত গ্রহণ কৰা প্রস্তাৱ সমূহ আছিল-“যুৱ সম্প্রদায়ৰ অৱস্থা সম্পর্কে তেওঁলোকৰ প্রয়োজন আৰু আকাঙ্খা হিংসা সম্পর্কে জনসাধাৰণক আৰু সিদ্ধান্ত নির্মল গ্রহণ কৰোতা সকলক অধিক সজাগ কৰা, প্রত্যেক দেশৰ অভিজ্ঞতা, অৱস্থা আচৰণ আৰু প্রয়োজন অনুসৰি, সামাজিক আৰু অর্থনৈতিক বিকাশৰ (Social and economic development) অবিচ্ছেদ্য অংগ – হিচাপে যুব সম্প্রদায়ৰ লগত সম্পর্ক সেই নীতি আৰু কাৰ্য্যসূচী উন্নীত কৰা, এক সমাজত যুৱ সম্প্রদায়ৰ সক্রিয় অংশ গ্রহণৰ মাত্রা বঢ়োৱা বিশেষকৈ উন্নয়ন আৰু শান্তিৰ ক্ষেত্রত যুৱ সম্প্রদায়ৰ এক মাজত শান্তি, পাৰস্পৰিক শ্ৰদ্ধা আৰু মানুহে মানুহক বুজাৰ আদর্শ সম্প্রসাৰিত আৰু যুৱ সম্প্রদায়ৰ সমস্যাবোৰ বিচাৰ কৰোঁতে বা হাতত লওঁতে সকলো পর্যায়তে সহযোগিতা বৃদ্ধি কৰা প্রস্তাৱ সমূহ কাৰ্য্যকৰি কৰিবৰ কাৰণে হাতত লোৱা হ’ল।

প্রকৃততে এই আঁচনি সমূহৰ কৃতকার্য্যতা – ৰাষ্ট্রসমূহে আন্তৰিকতাৰে কামনা কৰিছিল – বুলি ভাবিবলৈ অলপ টান লাগে। কাৰণ যুৱ সমাজৰ উন্নতি ঘটিলে ৰাজনৈতিক নেতা সমূহৰ সান্দহ খোৱা বাটটো বন্ধ হৈ যাব। পৃথিৱীৰ প্ৰায়বোৰ দেশতে ৰাজনৈতিক নেতা সমূহে যুৱ সমাজক – নানান বাণীৰে প্রলুব্ধ কৰি নিজৰ ক্ষমতা – ধৰি ৰখাৰ প্ৰয়াস কৰে। গতিকে যুৱ – সমাজৰ উন্নতিৰ কথা চিন্তা কৰাটো পর্বতত কাছ কণী বিচৰাৰ দৰে একেই কথা। যি সময়ত বিশ্বৰ যুৱ সমাজক ( World Youth Clubs ) একতাৰ ডোলেৰে বন্ধনৰ প্রচেষ্টা হাতত লব লাগিছিল সেই সময়ত জাত-পাত ধর্ম আদিৰ বচনেৰে বিভেদৰ কঠীয়া সিচাঁতহে ৰাজনৈতিক নেতা সকল ব্যস্ত থকা পৰিলক্ষিত হয় সাম্প্ৰতিক সময়ত। আজি পৃথিৱীৰ কথা বাদ দি যদি আমি ভাৰতলৈকে চাও তেন্তে দেখা পাম যুৱক সমাজৰ ক্রোধ আৰু ৰাজনৈতিক নেতা সকলে যুৱক সমাজক হাত কৰি ৰখাৰ চাতুৰী। সততাৰ অপমৃত্যু ঘটা ভাৰতীয় সমাজ ব্যৱস্থাত ধন আৰু ক্ষমতাৰ ৰাজত্ব দেখি যুৱক সমাজ হতাশগ্রস্থ হোৱা স্বাভাৱিক। টকা পইচাৰ ওচৰত শিক্ষা, জ্ঞানৰ আদৰ নিচেই সামান্য। ধন দৌলত থাকিলেই মান-সন্মান সকলোবোৰ পাব পাৰি। গতিকে শিক্ষা আৰ্জনৰ কষ্টকৰ দীঘলীয়া বাট বাছি লোৱাতকৈ অর্থ উপাৰ্জনৰ বাট বাচি লোৱাই বেছি সুবিধাজনক। এই ক্ষেত্ৰত ন্যায় অন্যায়ৰ প্রশ্ন নাহে।

টকা থাকিলেই সকলো দোষৰ পৰা মুক্ত হব যেতিয়া পাৰি তেতিয়া চিন্তা কিহৰ? যুৱক সমাজৰ এনে মনোবৃত্তিৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে বিছিন্নতা তথা হিংসাত্মক ঘটনাৰ সৃষ্টি। আনহাতে অসমতো যুৱক সমাজৰ আচৰণকলৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। উদাৰমনা তথা সবল বুলি খ্যাত অসমৰ ডেকা সন্তান সকলো বিক্ষুব্ধ হৈ উঠিছে। হিংসা, অনীতিৰ ক’লা মেঘে অসমৰ নির্মল আকাশখন ঢাকি ধৰিছে। সমাজৰ প্রবীণ ব্যক্তি সকলে যুৱ সমাজৰ আচৰণক গৰিহণা দিয়েই নিজৰ দায়িত্ব শেষ কৰিছে। কিন্তু যুৱ সমাজৰ মাজত বর্তমান যি উশৃংখল আবৰণে দেখা দিছে সেইবোৰ আজিৰ সৃষ্টি নহয়। বছৰৰ পাছত বছৰ ধৰি সমাজৰ বুকুত জমা হৈ অহা সামাজিক আৱৰ্জনা বোৰৰ মাত্র বহিঃপ্রকাশ। বৰ্তমান সময়ত ৰাস্তাই ঘাটে যুৱ সম্প্রদায়ৰ যেনে ধৰণৰ আচৰণ দেখা পোৱা যায় সেয়া নিশ্চয় আদৰণীয় নহয়। কিন্তু এনে আচৰণৰ বাবে যুৱ সম্প্রদায়ক কটূ সমালোচনা কৰি মানসিক সন্তুষ্টি লাভ কৰাতকৈ আত্ম সমালোচনাত মন দিয়া উচিত। আমি যেতিয়া মদ বা তেনে নিচা জাতীয় সামগ্রী সেৱন কৰো সামান্য সাজ পোচাকেৰে দেহৰ সৰহ অংশ প্রদর্শন কৰো তেতিয়া উত্তৰ পুৰুষ সকলো এই দিশৰ প্রতি প্রলুব্ধ হোৱা স্বাভাৱিক।

মাক-দেউতাকে দুর্নীতিৰ আলমত উপার্জন কৰা ধনৰ সহায়ত ডাঙৰ দীঘল হোৱা আৰামী জীৱন উপভোগ কৰা পুতেক-জীয়েকে ন্যায়-অন্যায়ৰ পথ চিনি নোপোৱা, মানুহক মানুহ বুলি গণ্য নকৰাটো সাধাৰণ কথা। এইখিনিতে উল্লেখ কৰিব পাৰি যে সাধাৰণ কৃষকৰ হলেও সন্তান এজনতকৈ দুর্নীতিকে উপার্জন কৰা উচ্চ বিষয়াৰ সতি-সন্তানৰ তাৰ উশৃংখলতা বহুগুণে বেছি। অৱশ্যে যুৱ সমাজক একাংশক তুলসীপাত বুলি ভবাটোও ভুল। তেওঁলোকৰো এটা বিবেক বোলা কথা আছে, সেয়েহে ভাল-বেয়া বিচাৰ কৰা, ভৱিষ্যত সমাজ নিকা কৰি আচৰণ দায়িত্ব তেওঁলোকৰো আছে। এখন সুস্থ সমাজৰ অবিহনে আজিৰ ডেকা সমাজ যেতিয়া কালিলৈ বুঢ়া হৈ যাব তেওঁলোকৰো নিৰাপত্তা নোহোৱা আত্মা হব। সেয়েহে নিজা ভৱিষ্যতৰ স্বাৰ্থতে উশৃংখল আচৰণৰ পৰা আঁতৰি থকা উচিত। উশৃংখল যুৱ মানসিকতা গঢ়ি উঠাৰ অন্য এক কাৰণ হল ব্যক্তি কেন্দ্রীক সমাজ ব্যৱস্থা। প্রতিবেশীৰ সৈতে পূর্বতে থকা সু-সম্পর্কত ঘুণে ধৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সামাজিক বান্ধোন নষ্ট পোৱাত মই বৰ ভাবৰ সৃষ্টি হয়। ফলত ‘মই যি কৰো, তোমাৰ তাত মাত মাতিবলৈ কি অধিকাৰ আছে’ আদি দৃষ্টি ভংগী গঢ়ি উঠিল।

আজি অসমৰ ( Assam) আকাশে বতাহে দুর্নীতিৰ গোন্ধ। চাকৰি ঠিকা ঠুকলি সকলোতে ভেটা দিয়াৰ প্রথা গঢ় লৈ উঠিছে। উপার্জন নোহোৱা চাকৰিয়ালৰ আদৰ কম, ন্যায় পৰায়ণ কর্মচাৰী শাস্তিমূলক সঘনে বদলি, ভাবুকি আদিৰ সম্মুখীন হব লগা হৈছে। আটাইতকৈ পবিত্র বুলি একালত গণ্যকৰা শিক্ষানুষ্ঠানতেই আজি দুর্নীতিৰ ৰাজত্ব। যোগ্যতাৰ আদৰ নোহোৱা যুগত হতাশগ্রস্ত যুৱ চামৰ পৰা আশা নকৰাই বাঞ্চণীয়। সভা সমিতিত জননেতা তথা প্রবীণ ব্যক্তিৰ ভাষণেৰে যুৱ সমাজক আদৰ্শৰ অন্তৰত পথ লবলৈ আহ্বান জনোৱাতকৈ ব্যক্তিগত জীৱনৰ কলুষ কালিমা, ব্যৱসাজ দূর্নীতিৰ (corruption ) আৱৰ্জনাবোৰ গাৰ পৰা এৰুৱাই পৰিষ্কাৰ হবলৈ যত্ন কৰা উচিত হব। কথাতকৈ আৰ্হি তথা কামৰ মূল্য বহু বেছি। যুৱ সমাজলৈয়ো আমাৰ গোহাৰি বাহ্যিকতাৰ সলনি নিকা অন্তৰ এখনৰ অধিকাৰী হবলৈ চেষ্টা কৰক আৰু ভাৰ প্রয়োজন বোধে ভুল দৃষ্টি- ভংগী, আদর্শক জলাঞ্জলি দি বিবেকক প্রাধান্য দিয়ক। পিতৃ-মাতৃ হল বুলিয়েই আনুগত্য প্রদর্শন কৰাৰ দিন এতিয়া নাই। যুক্তিৰ আধাৰত সমাজক নকৈ গঢ়াৰ আঁচনি গ্রহণ কৰক। সমাজ সংস্কাৰৰ অবিহনে জনসাধাৰণৰ গত্যন্তৰ নাই।

লেখক : প্ৰিয়াশ্ৰী নেওগ
বোকাখাত

Published by: Jebin Sultana

Related Articles