Breaking

ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জাগি উঠিল পশ্চিম দৰঙৰ যুৱ সমাজ…

0 13

ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জাগি উঠিল পশ্চিম দৰঙৰ যুৱ সমাজ। দেওবাৰে পশ্চিম দৰঙৰ জয়পাল যুৱ সমাজ আৰু বৰকুমাৰ পাৰা যুৱ সমাজৰ উদ্যোগত আয়োজিত হ’ল মদ, ড্ৰাগছ, জুৱা আদি ৰোধ কৰাৰ প্ৰয়াসেৰে এখন ৰাজহুৱা সজাগতা সভা।বৃহত্তৰ অঞ্চলটোত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ক্ৰমবৰ্দ্ধমান ৰূপত যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা ড্ৰাগচ তথা মাদকদ্ৰব্যৰ আসক্তি দূৰ কৰি এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যৰে আয়োজন কৰা সভাখনত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন দল সংগঠন সংঘ ৰ প্ৰতিনিধিৰ লগতে গাঁওপ্ৰধান, আৰক্ষী, অধিবক্তা আৰু শিক্ষকৰ উপৰিও সচেতন নাগৰিক সকলে অংশ লৈ যুৱ সমাজৰ পদক্ষেপক আদৰণি জনাই।

পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদৰ সঞ্চালনাত পৰিচালিত সভাখনত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, গুৱাহাটী হাই কোৰ্টৰ অধিবক্তা ড°আব্দুল ওৱাদূত, যুৱ সমাজ সংগঠক আব্দুৰ ৰহমান ,জাতীয় বিদ্যালয় পথৰুঘাটৰ অধ্যক্ষ ইমৰান হুছেইন, ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবু আয়ুৱ আনচাৰি, আদি কেইবা গৰাকীও ব্যক্তিয়ে সভাষনত কেনকৈ যুৱ প্ৰজন্মক নিছা আসক্তিৰ পৰা আঁতৰত ৰাখিব পাৰি তাৰ ওপৰত পৰামৰ্শমূলক ভাষন পদান কৰে।

Leave A Reply