ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু। চাইবাৰ আৰক্ষী থানাত ৩/২০২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ। সামাজিক মাধ্যমত বিশেষ পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ইণ্ডিয়াছ গ’ট লেটেন্ট নামৰ অনুষ্ঠানৰ বাবে ৰুজু কৰা হৈছে গোচৰ।(youtubers)

ইণ্ডিয়াছ গ’ট লেটেন্টত অশ্লীল মন্তব্য কৰাৰ বাবে সময় ৰাইনা আৰু ৰণবীৰ আল্লাহবাদিয়াৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ৷ ইয়াৰ লগতে আশীষ চাঞ্চলানি, জশপ্ৰীত সিং, অপূৰ্ব মাখিজাৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ৷ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে গুৱাহাটী অপৰাধ শাখাই। ৫ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে গুৱাহাটী আৰক্ষীয়ে।
অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল সেই শ্ব’টোত। উল্লেখ্যে যে India’s Got Latentত বিতৰ্কিত মন্তব্য কৰা পিছতে সামাজিক মাধ্যম যোগে অৱশেষত ক্ষমা বিচাৰিলে ৰণবীৰ এলাহাবাদীয়াই।