Yuva Morcha : যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

১৮ অক্টোবৰ,২০২৪, গুৱাহাটীঃ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত “য়ুথ কেন লীড” অভিযানৰ আজি শুভাৰম্ভণি হয়। (Yuva Morcha)গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয় বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটো আয়োজিত হৈ যায়। উল্লেখযোগ্য যে, আজি অৰ্থাৎ ১৮ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগা য়ুথ কেন লীড শীৰ্ষক অভিযানৰ জড়িয়তে অৰাজনৈতিক যুৱ তথা ছাত্ৰ নেতৃত্বক যুৱ মৰ্চাৰ উদ্যোগত এক ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ ব্যৱস্থা কৰা হৈছে।

যুৱ মৰ্চাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন জিলাৰ পৰা কেইবা শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ।এই অভিযানৰ যোগেদি এজন যুৱকে গৃহ জিলাৰ পৰা গৈ অন্য এখন জিলাত থাকি সেই জিলাৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ঐতিহাসিক, পৰম্পৰা, লোকাচাৰ, জনসংখ্যাৰ গাঠনি, আদি বিষয় সমুহৰ অধ্যয়ন কৰাৰ উপৰিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত হোৱা কল্যাণকামী কাম কাজ , যুগান্তকাৰী উন্নয়ণ সমুহৰ ওপৰতো তুলনামুলক অধ্যয়ন কৰিব । উল্লেখযোগ্য যে,এই অভিযানত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকল বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব বহনকাৰী, বিভিন্ন অৰাজনৈতিক সংগঠন আদিৰ কৰ্মকৰ্তা ।


যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে আদৰণি ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাস, বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা আৰু যুৱ ইউটিউবাৰ অৱয়ৱ ভূঞা অতিথি হিচাপে উপস্থিত থাকে। সাংসদ বিজুলী কলিতা মেধিয়ে ভাষণ প্ৰসঙ্গত শিক্ষয়িত্ৰী জীৱনৰ পৰা সাংসদলৈ বিস্তৃত জীৱন অভিজ্ঞতা ব্যক্ত কৰে।

আনহাতে জ্যেষ্ঠ মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ভাষণত কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কালৰে পৰা দেশক পৰম বৈভৱশালী স্থানত অধিস্থিত কৰাৰ স্বপ্নৰে কাম কৰি আহিছিল। কাশ্মীৰৰ পৰা পৰা ৩৭০ ধাৰা আতৰোৱা, ৰাম মন্দিৰ নিৰ্মাণৰ সংকল্প ভাৰতীয় জনতা পাৰ্টীয়ে জন্মকালতে লৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰ্শন, ইতিহাস, লক্ষ্য উদ্দেশ্যৰ বিষয় উল্লেখ কৰি শৰ্মাই কয় যে, ব্যক্তি নিৰ্মাণৰ জড়িয়তে সমাজ নিৰ্মাণ আৰু সমাজ নিৰ্মাণৰ জড়িয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আৰ এছ এছে যোৱা এটা শতিকাজুৰি কাম কৰি আহিছে।

Related Articles