ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ সময়ত বিদেশত ক্লাব ক্ৰিকেট খেলাৰ সিদ্ধান্ত লৈছে যুজবেন্দ্ৰ চাহালে।(yuzvendra chahal) তেওঁ নৰ্থাম্পটনশ্বাইৰৰ সৈতে চুক্তিবদ্ধ হয়।
আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ডত কাউন্টি ক্ৰিকেট খেলাৰ বাবে চুক্তিবদ্ধ হৈছে যুজবেন্দ্ৰ চাহালে। ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ সময়ত তেওঁ কাউন্টি ক্ৰিকেট খেলাৰ সিদ্ধান্ত লয়। ভাৰতীয় লেগ স্পিনাৰগৰাকীৰ সৈতে নৰ্থাম্পটনশ্বাইৰে চুক্তিত স্বাক্ষৰ কৰিছে। ইংলেণ্ড ক্লাবৰ হৈ প্ৰথম শ্ৰেণীৰ মেচ আৰু ৱান ডে কাপ খেলিব চাহালে।
ইয়াৰ পূৰ্বে চাহালে নৰ্থাম্পটনশ্বাইৰৰ হৈ খেলিছিল। সেই অৰ্থত তেওঁ নিজৰ পুৰণি ক্লাবৰ সৈতে পুনৰ চুক্তিবদ্ধ হয়। আই পি এল আৰম্ভ হোৱাৰ পূর্বে তেওঁ ইংৰাজী ক্লাবত ৰেড এণ্ড হোৱাইট বল ক্ৰিকেটৰ বাবে চুক্তিবদ্ধ হৈছিল। এই চুক্তিৰ বাবে চাহালে আই পি এল খেলিবলৈ কোনো অসুবিধা নাপাব। সমগ্ৰ প্ৰতিযোগিতাখনৰ বাবে পঞ্জাব কিংছৰ হাতত থাকিব তেওঁক। আই পি এলৰ পাছত চাহালে বিদেশত কাউন্টি ক্ৰিকেট খেলিবলৈ যাব।
২২ জুনত নৰ্থাম্পটনশ্বাইৰত যোগদান কৰাৰ কথা আছে চাহালে। তেওঁ প্ৰথমখন মেচ মিডলছেক্সৰ বিৰুদ্ধে খেলিব। ৱান ডে কাপৰ প্ৰথম ৭খন মেচত নৰ্থাম্পটনশ্বাইৰে চাহালৰ অবিহনে খেলিব। মন কৰিবলগীয়া যে ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ পাঁচখন খেলৰ টেষ্ট শৃংখলা। সেই সময়ত চাহাল ইংলেণ্ডত থাকিব। অৱশ্যে তেওঁ আন এখন প্ৰতিযোগিতাত খেলাৰ সিদ্ধান্ত লৈছে। গতিকে লেগ স্পিনাৰগৰাকীয়ে দেশৰ হৈ খেলাৰ আশা এৰিছে নেকি বুলি প্ৰশ্ন অনুৰাগীৰ?
ক্লাবৰ সৈতে চুক্তিবদ্ধ হোৱা আনন্দত চাহালে কয় যে যোৱা ছিজনত নৰ্থাম্পটনশ্বাইৰৰ হৈ খেলি মই সঁচাকৈয়ে ভাল পাইছিলোঁ। আকৌ খেলাৰ সুযোগ পাই বৰ ভাল লাগে। পৰিৱেশটো বৰ ভাল।
২০২৪ চনত নৰ্থাম্পটনশ্বাইৰৰ হৈও খেলিছিল চাহালে। সেইবাৰ প্ৰথম শ্ৰেণীৰ চাৰিখন মেচত ১৯টা উইকেট দখল কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত চাহালে ডাৰ্বিশ্বাইৰৰ বিৰুদ্ধে ৯৯ ৰানত ৯ উইকেট দখল কৰে। ৱান ডে কাপতো কেণ্টৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰে। সেই সফলতাৰ বাবেই নৰ্থাম্পটনশ্বাইৰ কৰ্তৃপক্ষই এইবাৰ চাহালৰ সৈতে চুক্তিবদ্ধ হৈছে।
যোৱা আই পি এলৰ নিলামত পঞ্জাবে ১৮ কোটি টকাত চাহালক ক্ৰয় কৰিছিল। এই প্ৰতিযোগিতাৰ ইতিহাসত আন কোনো স্পিনাৰে ইমান টকা পোৱা নাই।