Yuzvendra Dhanashree: চাহাল-ধনশ্ৰীৰ বিবাহ বিচ্ছেদ চূড়ান্ত, বম্বে পৰিয়াল আদালতৰ চূড়ান্ত ৰায়

মুম্বাইৰ পৰিয়াল আদালতে আজি আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদত চাহাল-ধনশ্ৰীৰ বিবাহ বিচ্ছেদত চূড়ান্ত ৰায় দিয়ে। আই পি এলৰ ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী ভাৰ্মাই বিবাহ বিচ্ছেদ চূড়ান্ত কৰাৰ দুদিন পূৰ্বে ক্ৰিকেটাৰৰ আইনী প্ৰক্ৰিয়াৰ অন্ত পৰিল। ৪.৭৫ কোটি টকাৰ এলিমনি ধনশ্ৰীক দিব লাগিব যুজবেন্দ্র চাহালে(Yuzvendra Dhanashree)

বুধবাৰে বম্বে উচ্চ ন্যায়ালয়ে বান্দ্ৰাৰ এখন পৰিয়াল আদালতে চাহলৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি সম্পূৰ্ণ কৰি ২০ মাৰ্চৰ ভিতৰত ৰায়দান কৰিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ পিছতে বৃহস্পতিবাৰে চাহাল আৰু ধনশ্ৰী দুয়োজনেই বান্দ্ৰাৰ আদালতলৈ যায়। দুয়োৰে মুখত মাস্ক। সংবাদ মাধ্যমৰ লগত কথা পাতিব বিচৰা নাছিল। কেইঘণ্টামানৰ পিছত আকৌ আদালতৰ পৰা ওলাই আহে।

যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে চাহাল আৰু ধনশ্ৰীয়ে বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰিছিল।হিন্দু বিবাহ আইনৰ ১৩বি(২) ধাৰা অনুসৰি দুয়োপক্ষই বিবাহ বিচ্ছেদ বিচৰাৰ ছমাহৰ পিছত আদালতে সময় দিয়ে। সেই সময় চাহাল আৰু ধনশ্ৰীক দিয়া হৈছিল। এইবাৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। বুধবাৰে বম্বে উচ্চ ন্যায়ালয়ে চাহালক ৰক্ষণাবেক্ষণ হিচাপে ৪.৭৫ কোটি টকা দিয়াৰ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, চাহালে এই পৰ্যন্ত ২ কোটি ৩৭ লাখ ৫৫ হাজাৰ টকা আগবঢ়াইছে।

Related Articles