Zakir Naik: ভাৰতৰ মোষ্ট ৱাণ্ডেড জাকিৰ নাইকক পাকিস্তানত ৰাজ আতিথ্য! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া

দৈনন্দিন বাৰ্তাৰ, ২ অক্টোবৰঃ ভাৰতে বিচাৰি থকা সন্ত্ৰাসবাদীক পাকিস্তানে ৰাজ আতিথ্য দিয়াৰ কথা এটা ভিডিঅ’ত পোহৰলৈ অহাৰ পিছতে ভাৰতত ব্যাপক প্ৰতিক্ৰিয়া হৈছে। পাকিস্তান সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে পৰিচিত আৰু এতিয়া দেশ খনে ৰাজ আতিথ্য প্ৰদান কৰিছে উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকক। যিজন নাইকক ভাৰতত ধন সৰবৰাহৰ অভিযোগত বিচাৰি থকা হৈছে। (Zakir Naik) আমোদজনক কথাটো হ’ল নাইকক একাধিক এস্কৰ্ট বাহনৰ লগতে উচ্চ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিছে পাকিস্থানৰ চৰকাৰে। পাকিস্তানত তেওঁৰ আগমনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ধন সৰবৰাহৰ অভিযোগত ভাৰতে বিচাৰি থকা বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইকে সোমবাৰে পুৱা পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত কঠোৰ নিৰাপত্তাৰ মাজেৰে ইছলামাবাদ, কৰাচী আৰু লাহোৰত ধাৰাবাহিকভাৱে বক্তৃতাৰ দিবলৈ উপস্থিত হয়। নাইকৰ সৈতে আছে তেওঁৰ পুত্ৰ ফৰীক নাইক।(pakistan)


ইছলামবাদ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে জাকিৰ নাইকক পাকিস্তান চৰকাৰৰ জ্যেষ্ঠ নেতাসকলে আদৰণি জনায়, য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ যুৱ কাৰ্যসূচীৰ অধ্যক্ষ ৰানা মাছহুদ, ধৰ্ম পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব চৈয়দ আত্তা-উৰ-ৰেহমানকে ধৰি জ্যেষ্ঠ নেতাসকলক দেখা গৈছে। নাইকে তেওঁৰ এমাহজোৰা এই ভ্ৰমণত চৰকাৰী উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠক আৰু দেশৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি পাক সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
এক্সৰ পোষ্টত জাকিৰ নাইকৰ দলে ঘোষণা কৰিছে,” পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত ড° জাকিৰ নাইক আৰু শ্বেইখ ফৰীক নাইকে পাকিস্তান ভ্ৰমণ কৰিছে: কৰাচীত – ৫ আৰু ৬ অক্টোবৰ লাহোৰত – ১২ আৰু ১৩ অক্টোবৰ ইছলামবাদ – ১৯ আৰু ২০ অক্টোবৰত তেওঁলোকে ভাষণ দিব।” (Zakir Naik Arrives in Pakistan)

প্ৰৰোচনামূলক ভাষণৰ বাবে পৰিচিত জাকিৰ নাইক ২০১৬ চনৰ ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত। ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তেওঁক সেয়ে বিচাৰি আছে। ঘৃণামূলক ভাষণৰ জৰিয়তে হিংসাৰ উচটনি দিয়াৰ অভিযোগো তেওঁৰ বিৰুদ্ধে আছে । নাইকে পিচটিভি নামৰ এটা চেনেল চলায়, যিটো চেনেল বিতৰ্কিত বিষয়বস্তুৰ বাবে ভাৰত, বাংলাদেশ, আৰু শ্ৰীলংকাত নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি অনুৰূপ কাৰণত তেওঁক কানাডা আৰু যুক্তৰাজ্যত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছে।

Related Articles