জিলাই জিলাই টেট শিক্ষকৰ অৱস্থান ধৰ্মঘট

পহিলা ফেব্ৰুৱাৰীৰ দিনটোতে পুৱা ১১ বজাৰ পৰা অসমৰ প্ৰতিখন জিলাৰ দৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলাতো সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সকলে এঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচাৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত সম্পূৰ্ণ কভিট নিয়ম মানি এই অৱস্থান ধৰ্মঘট পালন কৰে নিজৰ প্ৰাপ্যৰ দাবীত। যোৱা ২০১৩ চনৰ পৰা আৰ অ পি অনুযায়ী দৰমহা লাভ কৰি অহা এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষা বিভাগৰ এক নিদেৰ্শ যোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্য জনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এই সকল শিক্ষকে বৰ্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই। বৰ্তমানে নীতি অনুসৰি এই সকল শিক্ষকে ৩১ শতাংশ মৰগীয়া বানচ লৈয়ে চাকৰি কৰিবলগীয়া হৈছে। ২০১৯ চনৰ পৰা ৫ শতাংশ আৰু তাৰ পিছত চৰকাৰৰ ঘোষিত ঞমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ তথা তাৰ বকেয়াৰ পৰাওঁ বঞ্চিত হৈ আছে বুলি দক্ষিণ শালমাৰা

মানকাচাৰ জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ সমিতিৰ সভাপতি মজেদুৰ ৰহমান প্ৰধানী আৰু সম্পাদক টিকেন্দ্ৰ ডেকা সাংবাদিকক জানিবলৈ দিয়ে। শিক্ষক সকলৰ দাবী অনুসৰি চৰকাৰে নিজৰ পূৰ্বৰ কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপালৰ নিদেৰ্শনাকো ভংগ কৰিছে। উল্লেখ্য যে ১ জুলাই ২০২০ ইং তাৰিখে ৰাজ্যচৰকাৰৰ কেবিনেটে সিদ্ধান্তৰ ৰাজ্যপালৰ নিদেৰ্শনা অনুসৰি এই সকল শিক্ষকে নিয়মীয়া হাৰত দৰমহা লাভৰ উপৰিও ৫ লাখ টকা পৰ্যন্ত মেডিকেল ৰি ইমবাচমেণট, বেংক লোন (আপোন ঘৰ) আদিৰ সুবিধা দিয়াৰ বাহিৰে বাস্তৱত একোৱে দিয়া হোৱা নাই। এই সকল শিক্ষকে অন্য সুবিধা, সন্মান আদিৰ পৰাও বঞ্চিত হৈ থকাৰ উপৰি নিয়মীয়া বৰ্ধিত হাৰৰ দৰমহা, এনপি এছ, চাৰ্ভিছ বুক, এম এন চি পি এছ, শিক্ষক বটাৰ সুবিধা আদি সকলো প্ৰাপৰ পৰা বঞ্চিত হৈ আছে। যিটো সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে সমকামৰ সম দৰমহাৰ কথা কৈ আহিছে।

একে সময়তে বৰ্তমানৰ শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীয়ে নিজৰে বিভাগীয় নিৰ্দেশনা তথা কেবিনেট সিদ্ধান্তক ভঙ্গ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ নেতৃত্বই জনোৱা অনুসৰি পেব ৰ নিদেৰ্শনা অনুযায়ী এই সকল শিক্ষকৰ দৈত কেডাৰ ভঙ্গ কৰি নিয়মীয়া কৰণ নকৰিলে তথা পূৰ্বৰ বিভাগীয় তথা চৰকাৰী কেবিনেট ঘোষণা অনুসৰি দিবলগীয়া সুবিধা আৰু প্ৰাপসমূহ আদায় নিদিলে শিক্ষকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হব। প্ৰায়োজনত শিক্ষকসকলে গুণোৎসৱ তথা অন্যান্য চৰকাৰী দায়িত্ব সমূহতো অসহযোগ কৰিবলৈ বাধ্য হব। সকলো সমস্যাৰ সমাধান বিচাৰি আজি ৰাজ্য খনৰ সুনাম ধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে আৰু শিক্ষক সকলৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শিক্ষক সকলক ইতিমধ্যে ঘোষণা কৰি থোৱা সুবিধা সমূহ সচা অৰ্থত প্ৰদান কৰিব।

Related Articles