Breaking

উত্তৰ জালুকবাৰীত ম’বাইল ফোনৰ মেৰামতিৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিক্ৰীৰ বিপনী মুকলি জুবিন গাৰ্গৰ…

0 13

বৰ্তমান মবাইল ফোন মানুহৰ এক এৰাব নোৱৰা অংগ হৈ পৰিছে। কিন্তু ম’বাইল ফোনৰ বিজুতি ঘটিলে তাক মেৰামতি কৰা উপযুক্ত কাৰিকৰী ব্যক্তিৰ এতিয়াও অভাৱ হৈ আছে ৰাজ্যৰ বহু অঞ্চলত। অথচ এই খণ্ডটোত আছে প্ৰচুৰ নিয়োগৰ আৰু আৰ্থিকভাৱে স্বাবলম্বী হোৱাৰ সম্ভাৱনা। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ উত্তৰ জালুকবাৰীৰ উদ্যোমি যুৱক আফটাব আলী আৰু সুমন চৌধুৰীয়ে উত্তৰ জালুকবাৰী এক নম্বৰ জামে মছজিদৰ কাষতে স্থাপন কৰিছে প্ৰায় দুই হাজাৰ বৰ্গফুটতকৈ অধিক এলেকাযুক্ত “মবাইল ৱৰ্ল্ড ৰিপেয়াৰ ইনষ্টিটিউট” নামৰ এখন মবাইল ফোনৰ মেৰামতি প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিক্ৰীৰ বিপনী। ১৪ আগষ্টৰ দিনা সন্ধিয়া প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিপনীখন মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

এই উপলক্ষে আফটাৱ আলীয়ে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ লগতে তাত নাম ভৰ্ত্তি কৰা প্ৰশিক্ষাৰ্থী সকলৰ উজ্বল ভৱিষ্যত কামনা কৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে নিজাকৈ মবাইল ফোনৰ মেৰামতি কেন্দ্ৰ স্থাপন কৰি আত্মনিৰ্ভৰশীল হব পাৰে তাৰ কামনা কৰে। অনুষ্ঠানত সুমন চৌধুৰী , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলী, যুৱ সমাজকৰ্মী ইফটিকাৰ আলী ( বাবু) আৰু আছিফ আলী, মহিলা সমাজসেৱিকা ৰীণা কাজী, ৰুণা লাইলা, মনতাজ আলী, কাজল কিৰণ, মাণিক চৌধুৰী, মজিবুৰ ৰহমানকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে প্ৰতিষ্ঠানখনত মবাইল ফোনৰ মেৰামতিৰ প্ৰশিক্ষণ দিবৰ বাবে নতুন দিল্লীৰ পৰা আহিছে ভিনেশ কুমাৰ নামৰ এজন অভিজ্ঞ প্ৰশিক্ষক। তেনেদৰে তাত সংযোজন কৰা হৈছে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰ লেৱৰটৰী। ইতিমধ্যে ৬০ আসনযুক্ত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ ৪৫ জন শিক্ষাৰ্থীয়ে প্ৰথম বেটছত দুমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে নামভৰ্তি কৰিছে বুলি প্ৰতিষ্ঠানখনৰ গৰাকী আফটাৱ আলী আৰু সুমন চৌধুৰীয়ে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.