Zubeen Garg: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হ’ব নতুন ঠিকনা! কাহিলীপাৰাত নাথাকে আৰু কণ্ঠশিল্পীগৰাকী

নতুনকৈ সপোনৰ এখন ঘৰ সাজিছে জুবিন-গৰিমাই। এটা অুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। এতিয়া অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন, ক’ত হ’ব অসমবাসীৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ নতুন ঠিকনা?(Zubeen Garg)

(heartthrob of Assam)শুকুৰবাৰে নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বোন্দা চপাইদাংৰ এক সংগীতানুষ্ঠানত দৰ্শকক উদ্দেশ্যে এই মন্তব্য কৰে। মহানগৰীৰ বোন্দা চপাইদাঙ লক্ষ্মী পূজাৰ সোনালী জয়ন্তী বর্ষৰ অনুষ্ঠানত জুবিন গাৰ্গে এটাৰ পিছত আনটো অসমীয়া আৰু হিন্দী গীত পৰিবেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। জনপ্রিয় সংগীত শিল্পী গৰাকীৰ গীত শুনিবলৈ অগণন দর্শকে ভিৰ কৰা পৰিলক্ষিত হয়। সাধাৰণতে জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ বিৰ দি বাট নোপোৱা অৱস্থা। কাৰণ জুবিন মানেই জনসমুদ্ৰ। জুবিনক এবাৰ চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে হাজাৰ হাজাৰ অনুৰাগীয়ে।(Zubeen Garg to have new address)

(Zubeen Garg news)অুষ্ঠানৰ গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিন গাৰ্গে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। এতিয়া অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন, ক’ত হ’ব অসমবাসীৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ নতুন ঠিকনা? লগতে জুবিনে ক’লে মোক লগ কৰিবলৈ আহিলে এতিয়া নতুন ঘৰলৈ আহিব লাগিব?’ জুবিনৰ ঘোষণা শুনি উৎসুক বাঢ়িল অনুৰাগীসকলৰ। ‘দাদা ক’ত থাকিব? দাদাক লগ পাবলৈ এতিয়াৰ পৰা ক’ত যাব লাগিব? হাজাৰ হাজাৰ অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন?’(zubeen garg program)

জুবিনৰ মন্তব্যৰ পৰা ক’ব পৰা যায় যে সলনি হ’ব জুবিন গাৰ্গৰ স্থায়ী ঠিকনা। গুৱাহাটীৰ কাহিলীপাৰাৰ ফ্লেটৰ পৰিৱৰ্তে খাৰঘুলিত স্থায়ীভাৱে থাকিব জুবিন গাৰ্গ। ইতিমধ্যে জুবিনে খাৰঘুলীত নিৰ্মান কৰি আছে বাসগৃহ।(kharghuli will be the permanent address of zubeen garg)

Related Articles