Breaking

নগাঁৱৰ বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে CSIৰ ফ্ৰেন্সাইজি…

0 61

নগাঁৱৰ বেবেজীয়াত শনিবাৰে নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে CAR SQUAD INDIA ৰ ফ্ৰেন্সাইজি আউটলেট । বেবেজীয়াৰ ডিমৌত ‘বিজয়া এছ মটৰ্ছ’ নামৰ এই ফ্ৰেন্সাইজিটো ফিটা আৰু কেক কাটি মুকলি কৰে শিল্পীগৰাকীয়ে ।

ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে ‘কা’ৰ প্ৰসংগ উত্থাপন কৰি কয় যে ‘কা’ এটা ফটোৱা বস্তু । লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাৱে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে ।

ইপিনে শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া ছিনেমা কাম কৰি থকাৰ বিষয়ে উল্লেখ কৰে । উল্লেখ্য যে, আজিৰ এই উদ্ধোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁৱৰ আউলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা,গুৱাহাটী আউলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্ত আদিকে ধৰি চি এছ আইৰ বিষয়াবৰ্গ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.